কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো টৌৰ প্রকোপ দেশত ক্ৰমে হাস পাবলৈ ধৰিছে যদিও এই ভাইৰাছৰ নতুন প্রজাতিৰ ভাৰতত প্ৰৱেশৰ বাতৰিয়ে সকলােকে চিন্তিত কৰি তুলিছে। ইনছাকগৰ নেটৱৰ্ক মণিটৰিং জিন’মিকৰ বিজ্ঞানীয়ে।
প্রকাশ কৰা অনুসৰি ভাৰতত ইতিমধ্যে ক’ভিডৰ নতুন প্রজাতি এ ৱাই.৪.২ৰ সন্ধান লাভ কৰা হৈছে। ইউৰােপত এই নতুন প্রজাতিৰ ক’ভিডৰ ভাইৰাছে ইতিমধ্যে ত্রাস সৃষ্টি কৰিছে।
বিজ্ঞানীসকলে দাবী কৰা অনুসৰি এ ৱাই.৪.২ প্রজাতিৰ ক’ভিড ভাইৰাছ ডেল্টাতকৈ অধিক সংক্রামক। বর্তমানে ভাৰতত সীমিতসংখ্যক এই ভাইৰাছত আক্রান্ত ৰােগীক চিনাক্ত কৰা হৈছে বুলিও গৱেষকসকলে জানিবলৈ দিয়ে।
যােৱা সপ্তাহত ব্রিটেইন, ৰাছিয়া আৰু ইজৰাইলত ক’ভিডৰ এই নতুন প্রজাতিৰ ভাইৰাছৰ ব্যাপক সংক্রমণ প্রত্যক্ষ হৈছিল। সম্প্রতি ভাৰতত ০.১ শতাংশতকৈ কম সংখ্যক লােক এ ৱাই.৪.২ ভাইৰাছত আক্রান্ত হৈছে যদিও দ্রুত সংক্রামক এই ভাইৰাছৰ সংক্রমণে আগন্তুক সময়ত দেশত অধিক ভয়াৱহ ৰূপ ল’ব পাৰে বুলি গৱেষকসকলে ইতিমধ্যে সকীয়াই দিছে।






























