Facebook : ভাৰতত ভুৱা তথ্য, বিদ্বেষমূলক মন্তব্য বিয়পোৱা ৰোধ কৰিবলৈ তৎপৰ ফেচবুক !

fb 1

ভাৰতত ‘ভুৱা তথ্যৰ আদানপ্রদান, বিদ্বেষমূলক মন্তব্য আৰু হিংসা’ ৰোধ কৰিবলৈ বহু সংগ্ৰাম কৰিবলগীয়া হৈছে ফেচবুকে । আমেৰিকাৰ সংবাদমাধ্যমৰ প্ৰতিবেদনত সম্প্রতি প্ৰকাশ পাইছে এই তথ্য । এই সামাজিক মাধ্যম সংস্থাৰ গৱেষকসকলে এনে কিছুমান গ্রুপ আৰু পেজ চিহ্নিত কৰিছে, যিবোৰৰ পৰা ক্রমাগত ‘উত্তেজক আৰু মুছলিম বিৰোধী’ বিভিন্ন প’ষ্ট কৰা হয় ।

ভাৰতত হিংসা বিয়পোৱা ফেচবুক প’ষ্টৰ ওপৰত দৃষ্টি ৰাখিবলৈ ফেচবুকৰ গৱেষকসকলে এটা ফেচবুক প্র’ফাইল বনাইছিল । নিউ ইয়র্ক টাইমছৰ প্রতিবেদনত লিখা হৈছে, ২০১৯ৰ ফেব্রুৱাৰীত এটা ফেচবুক একাউন্ট খোলা হৈছিল । কেৰালাত বাস কৰা, বুলি কোনো ব্যক্তিৰ প্র’ফাইল হিচাপে খোলা হৈছিল একাউণ্টটো । আমেৰিকাৰ সংবাদমাধ্যমৰ প্রতিবেদনত লিখা হৈছে, ‘প্র’ফাইল খোলাৰ পাছত তিনি সপ্তাহ ফেচবুকৰ এলগোৰিডম মানি গ্রুপ, পেজত যোগ দিয়া হৈছিল সেই একাউন্টৰ পৰা । তাৰ পৰাও বিদ্বেষমূলক মন্তব্য আৰু হিংসাৰ উদ্‌ঘাটন পৰিলক্ষিত হৈছে ।’

ভাৰতত ফেচবুকৰ মাধ্যমত হিংসা বিয়পোৱা ৰোধ কৰিবলৈ ফেচবুক কর্তৃপক্ষ‌ইও যি জলাকলা খাইছে সেয়াও প্ৰকাশ পাইছে প্রতিবেদনখনত । প্রতিবেদনখনত লিখা হৈছে, ‘ভাৰত ফেচবুকৰ অন্যতম বৃহৎ বজাৰ । অভ্যন্তৰীণ তথ্য‌ই জনাইছে, তাত ভুৱা তথ্য, বিদ্বেষমূলক মন্তব্য এক বৃহৎ সমস্যা ।’ বিভিন্ন ভুৱা একাউন্ট আৰু ‘বট’ ভাৰতৰ শাসক আৰু বিৰোধী ৰাজনৈতিক দলৰ প্রচাৰত ব্যৱহৃত হৈছে । ই উদ্বেগজনক । এনে এক ভুৱা একাউন্টৰ তিনি কোটিৰো অধিক ফল’ৱাৰে চমক দিছে ফেচবুককো । ভুৱা খবৰ আৰু বিদ্বেষমূলক খবৰ ৰোধ কৰিবলৈ জলাকলা খাইছে ফেচবুক কর্তৃপক্ষ‌ই ।

Exit mobile version