Kashmiri Students : ভাৰত-পাকিস্তান মেচৰ পাছত পঞ্জাৱত একাধিক মহাবিদ্যালয় আক্ৰমণৰ বলি কাশ্মীৰৰ শিক্ষাৰ্থীসকল

screenshot 2021 10 25 121624 1043969 1635146863

টি-২০ বিশ্বকাপৰ প্রথম মেচত ভাৰত-পাকিস্তানৰ খেলক কেন্দ্র কৰি অশান্তিৰ সৃষ্টি হ’ল পঞ্জাৱৰ দুটা শিক্ষা প্রতিষ্ঠানত । কাশ্মীৰি শিক্ষাৰ্থীসকলৰ অভিযোগ, খেলত পাকিস্তান জয়ী হোৱাৰ পাছত তেওঁলোকক এদল লোকে আক্ৰমণ কৰে । তেওঁলোকৰ হোষ্টেলত সোমাই মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । পঞ্জাৱৰ ভাই গুৰুদাস ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি আৰু ৰায়ত ভাৰা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল আক্রান্ত হৈছে বুলি জনাইছে ।

জম্মু কাশ্মীৰ ছাত্র সংগঠনৰ মুখপাত্র‌ই জনাইছে, ‘‘পঞ্জাৱৰ সংগুৰ আৰু মোহালি জিলাৰ দুটা শিক্ষা প্রতিষ্ঠানৰ কাশ্মীৰী শিক্ষাৰ্থীসকলে ভাৰত-পাকিস্তান মেচৰ পাছত আক্রান্ত হৈছে । স্থানীয় লোকে তেওঁলোকক আক্ৰমণকাৰীৰ পৰা উদ্ধাৰ কৰে । মূলতঃ উত্তৰপ্রদেশ, হৰিয়ানা আৰু বিহাৰৰ শিক্ষাৰ্থীসকলে দেওবাৰে নিশা আক্রমণ চলায় । কাশ্মীৰি শিক্ষাৰ্থীসকলৰ হোষ্টেলৰ ভিতৰতো সোমাই ভাঙচুৰ কৰে ।’’

এই সন্দৰ্ভত এটা ভিডিঅ’ প্রকাশ কৰে আক্রান্ত শিক্ষাৰ্থীসকলৈ । তেওঁলোকৰ দাবী, নিৰাপত্তাৰক্ষীসকলে আক্ৰমণকাৰীসকলক হোষ্টেলত প্ৰৱেশ কৰিব দিয়ে । পাছত মূলতঃ উত্তৰপ্রদেশৰ শিক্ষাৰ্থীসকলৰ নেতৃত্বত আক্ৰমণকাৰীসকলে হোষ্টেলত আক্ৰমণ কৰে । পাছত পঞ্জাৱ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণত আনে । একেই ঘটনা ঘটিছে মোহালিৰ এটা শিক্ষা প্রতিষ্ঠানতো । তাতেও চাৰি কাশ্মীৰি শিক্ষাৰ্থী আক্রান্ত হৈছে বুলি খবৰ ।

সুংগৰৰ এজন আৰক্ষী বিষয়াই ইঞ্জিনিয়ৰিং কলেজ সম্পর্কত জনাইছে, ‘‘সেই প্রতিষ্ঠানটোত মুঠ ৯০ জন কাশ্মীৰি শিক্ষাৰ্থী আছে আৰু প্ৰায় ৩০ জন ছাত্র বিহাৰ আৰু উত্তৰপ্রদেশৰ বাসিন্দা । দুটা হোষ্টেলত কাশ্মীৰৰ শিক্ষাৰ্থীসকল থাকে । অভিযোগ উত্থাপন হৈছে, পাকিস্তানে যেতিয়া ৰান কৰিছিল, কাশ্মীৰৰ শিক্ষাৰ্থীসকলে উল্লাস কৰিছিল । তেওঁলোকে ‘আজাদি’ শ্লোগানো দিছিল ।’’ যদিও সোমবাৰে পুৱা আৰক্ষীয়ে জনাইছে, ঘটনাৰ বাবে দুপক্ষই ক্ষমা বিচাৰি মিটমাট কৰিছে ।

Exit mobile version