UP : উত্তৰ প্ৰদেশত এইবাৰ যোগীৰ ঘোষণা, ছাত্ৰ-ছাত্ৰীয়ে বিনামূল্য লাভ কৰিব টেব-লেপটপ

YogiAdityanath

২০২২ত উত্তৰ প্ৰদেশত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। এই নির্বাচনৰ পূৰ্বে ৰাজ্যৰ সকলাে শিক্ষার্থীক বিনামূল্যে টেবলেট আৰু লেপটপ প্রদানৰ কথা ঘােষণা কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথে।

উল্লেখ্য যে কিছুদিন পূর্বে উচ্চতৰ মাধ্যমিক আৰু স্নাতক উত্তীর্ণ ছাত্র-ছাত্রীক স্মার্টফোন আৰু স্কুটী উপহাৰ দিয়াৰ প্রতিশ্রুতি দিছিল কংগ্ৰেছৰ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাই।

প্রিয়ংকাৰ পাছত শনিবাৰে বিয়লিবেলা চুলতানপুৰত এখন চৰকাৰী মেডিকেল কলেজৰ প্রতিষ্ঠা দিৱসত অংশ লােৱাৰ সময়ত মুখ্যমন্ত্রী যােগীয়ে ঘােষণা কৰি কয়, “উত্তৰপ্রদেশৰ সকলাে তৰুণ প্রজন্মক আধুনিকতম প্রযুক্তিৰ স’তে সম্পৃক্ত কৰি তুলিবলৈ আমি অহি নৱেম্বৰৰ অন্তিম সপ্তাহৰ পৰা শিক্ষার্থীক টেবলেট আৰু লেপটপ উপহাৰ দিম।’

যােগীয়ে ইয়াৰ লগতে চাকৰিৰ প্রতিশ্রুতিও দি কয় যে বিগত চাৰে চাৰি বছৰত ৰাজ্যখনত চাৰে চাৰি লাখ যুৱক-যুৱতীক তেওঁৰ চৰকাৰে কর্মসংস্থাপন প্রদান কৰিলে।

Exit mobile version