আমেৰিকাৰ কৃষকে উৎপাদন কৰিলে ১০০০কিলোগ্ৰামৰ ৰঙালাউ

image

পাঁচ কিলাে, ১০-১৫ কিলােগ্ৰামৰ ৰঙালাউ আপুনি অগণন প্রত্যক্ষ কৰি আহিছে। কিন্তু ১০০০ কিলােগ্রামৰ ৰঙালাউ কেতিয়াবা ক’ৰবাত দেখা পাইছে নে?

হয়, শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও সঁচা; আমেৰিকাৰ দুজন খেতিয়কে উৎপাদন কৰি উলিয়ালে এই বিশালকায়ৰ ৰঙালাউটো। ১০ কুইন্টল ওজনৰ এই ৰঙালাউটোৱে ওজনৰ দিশৰ পৰা বিশ্ব অভিলেখ ৰচনা কৰিলে।

সামাজিক মাধ্যমত বিশাল আকৃতিৰ ৰঙালাউটোৰ ফটো প্ৰচাৰ হােৱাৰ লগে লগে ই ভাইৰেল হয়। ৰঙালাউটোৰ আকৃতি প্রত্যক্ষ কৰি সকলােৱে অবাক হৈছে।দৰাচলতে এই ঘটনা আমেৰিকাৰ অহায়’ চহৰৰ।

এই চহৰৰ নিবাসী দুজন খেতিয়কে নিজৰ বাগিচাত ৰঙালাউৰ খেতি কৰি বৃহদাকাৰৰ ৰঙালাউটো উৎপাদন কৰে। টাড় আৰু ড’না স্কিনাৰ নামৰ কৃষক দম্পতীয়ে ৰঙালাউৰ খেতিৰে এইদৰে এক নতুন বিশ্ব অভিলেখ ৰচনা কৰিলে।

স্কিনাৰ দম্পতীয়ে বিগত ৩০ বছৰ ধৰি প্ৰতি বছৰে ৰঙালাউৰ খেতি কৰি আহিছে। বৃহদাকাৰৰ ৰঙালাউৰ উৎপাদনৰ বাবে স্কিনাৰ দম্পতীয়ে ন ন কৃষি পদ্ধতিৰ অৱলম্বন কৰিছিল আৰু অৱশেষত তেওঁলােকে বিশ্বৰ সবাতােকৈ অধিক ওজনৰ ৰঙালাউটো নিজৰ বাগিচাত উৎপাদন কৰিবলৈ সক্ষম হ’ল।

‘ডেইলী মেইল’ৰ বাতৰি অনুসৰি, স্কিনাৰ দম্পতীয়ে এইবাৰ বৃহৎ পৰিসৰত ৰঙালাউৰ খেতি কৰিছিল আৰু এটা ২১৬৪ পাউণ্ড অর্থাৎ প্রায় ১০০০ কিলােগ্ৰামৰ ৰঙালাউ উৎপাদন কৰিবলৈ সক্ষম হয়।

ডাবলিনত অলপতে অনুষ্ঠিত উদ্যান শস্যৰ প্ৰদৰ্শনীত স্কিনাৰ দম্পতীয়ে ৰঙালাউৰ প্রদর্শন কৰিছিল আৰু এই প্রদর্শনীতে ১০০০ কিলােগ্ৰামৰ ৰঙালাউটো বিশ্বৰ বর্তমানলৈকে সর্বাধিক ওজনৰ ৰঙালাউ হিচাপে স্বীকৃত হয়।

এই অভিলেখত আনন্দ প্রকাশ কৰি স্কিনাৰ দম্পতীয়ে কয় যে ৰঙালাউটোৰ আকাৰ প্রত্যক্ষ কৰিয়ে ইয়াৰ সম্ভাব্য ওজন তেওঁলােকে ধাৰণা কৰিছিল।

ইফালে, অকলেণ্ডৰ এখন নাৰ্চাৰীয়ে নিশ্চিত কৰা মতে, টাড আৰু ডনাই হৈছে বিশ্বৰ সৰ্বাধিক ওজনৰ ৰঙালাউ উৎপাদনকাৰী খেতিয়ক। এই ৰঙালাউৰ ছবি সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে।

Exit mobile version