কিয় খাব লাগে বন্ধা কবি

9 Proven Health Benefits Of Eating Cabbage During Pregnancy 624x702 1

শীতৰ পাচলিৰ ভিতৰত অন্যতম হ’ল বন্ধা কবি। চালাডৰ পৰা আৰম্ভ কৰি আঞ্জালৈকে সকলােতে বন্ধা কবি ব্যৱহাৰ কৰা হয়। কম বেছি পৰিমাণে প্রায়ভাগ লােকেই বন্ধা কবি খায়। এইবিধ পাচলিৰ আছে পুষ্টিগুণ। এগৰাকী সুস্থ লােকে বন্ধা কবি খােৱাত বাধা নাই। বন্ধা কবি খালে কেনেধৰণৰ সুফল লাভ কৰিব পাৰি সেইবিষয়ে উল্লেখ কৰা হ’ল—

◆ ৮৯ গ্রাম সেউজীয়া বন্ধা কবিত কেলৰি ২২, প্রটিন একগ্রাম, ফাইবাৰ দুই গ্রাম, ভিটামিন কে ৮৫ শতাংশ, ফলেট ১০ শতাংশ, মিগনেছিয়াম সাত শতাংশ, ভিটামিন বি৬ ছয় শতাংশ, কেলছিয়াম চাৰি শতাংশ, পটাছিয়াম চাৰি শতাংশ, মেগনেছিয়াম তিনি শতাংশ পােৱা যায়।

◆শৰীৰৰ যিকোনাে অংশ ফুলি উঠাত ব্যাঘাত জন্মায় বন্ধা কবিয়ে।

◆পানীত দ্ৰৱণীয় এছবর্বিক এছিড (ভিটামিন ‘চি’) পােৱা যায়।

◆বন্ধা কবি নিয়মীয়াকৈ খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সহজেই হাত সাৰিব পাৰি।

◆হৃদযন্ত্র সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত বন্ধা কবিৰ ভূমিকা গুৰুত্বপূর্ণ।

◆উচ্চ ৰক্তচাপ কম কৰাৰ ক্ষেত্ৰত বন্ধা কবিৰ ভূমিকা আছে। ইয়াত থকা বিভিন্ন উপাদানে উচ্চ ৰক্তচাপ হ্রাস কৰে।

◆কলেষ্টেৰল হ্রাস কৰাৰ ক্ষেত্ৰতাে এইবিধ পাচলিৰ ভূমিকা গুৰুত্বপূর্ণ।

◆ইয়াত এন্টিঅক্সিডেন্ট পােৱা যায়।

Exit mobile version