Dengue : কৰ’নাৰ মাজতেই পুনৰ বৃদ্ধি পাইছে ডেংগু ! জানি ল‌ওক কি কৰিব

d4523f90 1669 11ec a13e d4a68f9db710 1631741705345 1631975220280

প্রতিবছৰে ডেংগুত বহু লোকৰ মৃত্যু হয় । সেয়ে আগতীয়াকৈ সাৱধান হ‌ওক । জানি ল‌ওক কি কি কৰিব লাগিব । ডেংগু হৈছে নে নাই সেই লক্ষণবোৰ প্রাথমিকভাৱে নিজেই বুজি ল‌ওক ।

ডেংগু মহৰ দ্বাৰা বিয়পা এক ভয়ংকৰ ভাইৰাছ । এই ভাইৰাছত প্রতি বছৰে বহু লোক আক্রান্ত হয় । ইয়াৰ ফলত মৃত্যুৰ সংখ্যাও কম নহয় । প্রতি বছৰে দেশত আতংকৰ সৃষ্টি কৰে ডেংগুৱে । কৰ’না ভাইৰাছৰ মাজতো কিন্তু গ কৰি উঠিছে ডেংগু । সেয়ে সতৰ্ক হ‌ওক আৰম্ভণিৰ পৰাই ।

কেনেদৰে বুজিব আপোনাৰ ডেংগু হৈছে নে নাই ? প্রথমতে ডেংগু হ’লে অসহ্য মূৰৰ বিষ হ’ব । চকুৰ পিছফালে বিষ হ’ব । গা, হাত, ভৰিত অসহ্য বিষ অনুভৱ কৰিব । শৰীৰত ফোঁহা ওলাব । চৰ্দি-জ্বৰ হ’ব । শৰীৰৰ জ্বৰৰ পৰিমাণ বহুত থাকিব । ইয়াৰ উপৰি বমি বমি ভাব হ’ব । এই লক্ষণ দেখা মাত্রকেই ডাক্তাৰৰ কাষ চাপক ।

ডেংগু হ’লে জ্বৰ বাঢ়িব । ১০৪ ডিগ্রী বা তাতোধিক জ্বৰ হ’ব পাৰে । তলপেটত বিষ হ’ব । বমি হ’ব । প্লাছমা কমি যাব শৰীৰত । দুই-তিন দিনত যদি জ্বৰ নকমে লগে লগে ডেংগু পৰীক্ষণ কৰক । প্রয়োজন হ’লে হাস্পাতালত ভর্তি হ’ব পাৰে । নজনাকৈ ঔষধ নাখাব ।

ডেংগু সাধাৰণতে মহ বাহিত । ডেংগুৰ ভাইৰাছ বহনকাৰী মহৰ কামোৰৰ পৰাই শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰে । সেয়ে যথা সম্ভৱ মহৰ পৰা সতর্ক থাকিব ‌লাগিব ।

মহৰ পৰা ৰক্ষা পাবলৈ আঠুৱা লগাই শুব । শৰীৰত মহ প্রতিৰোধক স্প্রে বা ক্রীম লগাওক । জমা হৈ থকা পানী পেলাই দিয়ক । ড্রেন পৰিস্কাৰ ৰাখক । ঘৰত ক’তো পানী জমা থাকিব নিদিব । ঘৰৰ চাৰিওফালে মহ প্রতিৰোধক স্প্রে কৰক । ঘৰৰ বাহিৰত ওলালে ফোল পেন্ট আৰু ফোল হাতৰ চোলা পৰিধান কৰিব ।

Exit mobile version