দিপাৱলীত নলবাৰীৰ হীৰাপাৰাৰ চাকিৰে উজ্জ্বলিব মুখ্যমন্ত্ৰী উদ্যোগমন্ত্ৰীৰ বাসগৃহ

IMG 20211027 WA0002

পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত আৰু মাত্ৰ সপ্তাহদিন বাকী। ইয়াকে লক্ষ্য কৰি ইতিমধ্যে প্ৰায় সকলোৰে মাজত দিপাৱলীত ঘৰখন কেনেধৰনে পোহৰাই তুলিব, কৰ পৰা ফটকা আনিব তাকে লৈ একপ্ৰকাৰ প্ৰস্তুতি আৰম্ভ হৈছে।

তদুপৰি ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ থলুৱা মৃৎশিল্পী সকল এতিয়া ব্যস্ত হৈ পৰিছে। পৈত্রিকসূত্ৰে মৃৎ কৰ্ম কৰি অহা নলবাৰীৰ কুলবিল হীৰাপাৰাতো চলিছে পুৰামাত্ৰাই ব্যস্ততা।

কিন্তু পূৰ্বৰ তুলনাত চুবুৰিটোৰ এনে ব্যস্ততা এইবাৰ যেন ব্যতিক্ৰম। লক্ষণীয় যে এইবাৰৰ পোহৰৰ উৎসৱ দিপাৱলীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ঘৰ পোহৰাই তুলিব নলবাৰীৰ কুলবিল হীৰাপাৰাৰ মাটিৰ চাকিয়ে।

ইয়াকে লক্ষ্য কৰি এতিয়া ব্যস্ত হৈ পৰিছে কুলবিল হীৰাপাৰাৰ মৃৎশিল্পী সকল। এটা বেচৰকাৰী সংস্থা লঘু উদ্যোগ ভাৰতীৰ উত্তৰ- পূৱৰ সচিব অৰূপ বৰপূজাৰীয়ে কুলবিল হীৰাপাৰালৈ আহি এই কথা প্ৰকাশ কৰাৰ পাছৰে পৰা বংশানুক্ৰমিক হীৰা চুবুৰিটোৰ পৰিয়াল সমূহত এনে ব্যস্ততা অধিক হৈ উঠা পৰিলক্ষিত হৈছে।

আনহাতে বাংশানুক্ৰমিক ভাৱে বছৰ বছৰ ধৰি এনে মৃৎ শিল্পৰ লগতে ব্যস্ত থাকি জীৱন নিৰ্বাহ কৰা চুবুৰীটোৰ লোকসকলে হীৰা পাৰাৰ মৃৎ শিল্পই অৱশেষত এক স্বীকৃতিৰ ৰেঙনি দেখা বুলিও চৰ্চিত হৈ পৰিছে।

চুবুৰীটোৰ কেইজনমান মৃৎশিল্পী নীলকান্ত দাস, কন্দৰ্প দাস, বিহুৰাম দাস আৰু জয়ৰাম দাসে দৈনিক আগ্ৰদূতক এইবুলি সদৰী কৰে,’আমাৰ ইয়াত কেতিয়া কেনেকৈ মাটিৰ সাজ- বাচন, চাকি আদিৰ কাম আৰম্ভ কৰিছিল সেয়া আমি নাজানো। পিৰিৰ পাছত পিৰি ধৰি এই কামকে কৰি আহিছোঁ। ভালকৈ খাবলৈ নোজৰে, তথাপি কৰি আহিছো। কেতিয়াবা যদি চাহিদা পালে অৰ্থৰ অভাৱত বেছিকৈ উৎপাদন কৰিব নোৱাৰো, কেতিয়াবা আকৌ উৎপাদন কৰিলে বজাৰ নাপাওঁ। ফলত আমাৰ দুখ; সমস্যাতে দিন পাৰ হৈ আহিছে। কিন্তু আমাৰ এনে কষ্টৰ হাতে গঢ়া চাকিয়ে যদি দিপাৱলীত মুখ্যমন্ত্ৰী বা উদ্যোগ মন্ত্ৰীৰ গৃহ পোহৰাই কৰাৰ সুযোগ লাভ কৰে তেনেহলে সেয়াই আমাৰ উৎপাদনৰ এক বিশেষ স্বীকৃতি হব।’

উল্লেখ্য যে কালি লঘু উদ্যোগ ভাৰতীৰ উত্তৰ পূৱৰ সচিব অৰূপ বৰপূজাৰী আহি কুলবিল হীৰাপাৰাৰ মৃৎশিল্পীসকলৰ লগত মিলিত হৈ সমস্যাৰ বুজ লোৱাৰ লগতে আগন্তুক দিপাৱলীৰ বাবে চুবুৰিটোৰ পৰা একলাখ চাকি ক্ৰয় কৰে।

লগতে চাকিৰ উপৰি ইয়াত উৎপাদিত মাটিৰ বিভিন্ন সাজ- বাচন বিক্ৰীৰ বজাৰদানৰ কথা সদৰী কৰে। বৰপূজাৰীয়ে কয় ,’এইবাৰ কুলবিল হীৰাপাৰৰ মাটি চাকিৰে মুখ্যমন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীৰ গৃহ পোহৰাই তুলিব লাগিব। আমি তেওঁলোকলৈ ২০০ কৈ চাকি দিম। এনে মৃৎশিল্পীসকলৰ কেতিয়াবা বজাৰৰ অভাৱ হয় আৰু কেতিয়াবা চাহিদা অনুপাতে উৎপাদনৰ বাবে অৰ্থ নাথাকে।

যাৰ ফলত থলুৱা মৃৎশিল্পৰ প্ৰতি সামগ্ৰিকভাৱে এক ভাবুকি নামি আহিছে। বাহিৰৰ একাংশ ব্যৱসায়ীয়ে বজাৰখন দখল কৰিছে। আমি লঘু উদ্যোগ ভাৰতীৰ উদ্যোগত থলুৱা মাটিৰ সাজ বাচন, চাকি আদি, বাঁহবেতৰ থলুৱা সাঁজ- বাচন, আচবাব আদিৰ বজাৰ এখন গঢ়ি তোলাৰ পৰিকল্পনা চলাইছোঁ। চৰকাৰীভাৱেও ইয়াৰ বাবে স্বয়মৰ দৰে কিছু আঁচনি প্ৰস্তুত কৰা হৈছে।’

ইপিনে এইবর্ষত যোৰহাটৰ মৰিয়া জনগোষ্ঠীৰ লোকসকলে খোল নিৰ্মাণৰ বাবে যি মাটিৰ সাজ নিৰ্মান কৰে সেয়াও লঘু উদ্যোগ ভাৰতীয়ে ক্ৰয় কৰে। ইয়াৰ লগে লগে উক্ত জনগোষ্ঠীৰ এই সকল শিল্পীৰ অৰ্থনৈতিক নিৰাপত্তাৰ পথ একপ্ৰকাৰ নিশ্চিত হৈ পৰিল। লক্ষণীয় যে মহাপুৰুষীয়া সংস্কৃতিৰ অন্যতম ‘খোল ‘ নিৰ্মাণৰ বাবে এইসকল লোকে প্ৰজন্ম অনুসাৰে উক্ত মাটিৰ সাজ নিৰ্মান কৰি আহিছে যদিও শেহতীয়াভাৱে সেয়াও বহিৰাগত ব্যৱসায়ীৰ বাবে ভাবুকিৰ সম্মুখীন হব লগা হৈছে।

কিন্তু শেহতীয়াভাৱে লঘুউদ্যোগ ভাৰতীৰ পদক্ষেপে তেওঁলোকক পুনৰ উৎসাহিত কৰাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ মাটি, বাঁহ- বেত আদিৰ থলুৱা সামগ্ৰীৰ শিল্পীসকলে প্ৰত্যক্ষভাৱে এখন বিশেষ বজাৰ লাভ কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ উঠিছে।

Exit mobile version