১৭০ কেভি বিদ্যুৎ উৎপাদন

ভৱিষ্যতে ব্যৱসায়িক ভিত্তিত লােৱা আশা, মুছলপুৰত যুৱকে প্রস্তুত কৰিলে পাৱাৰ প্রজেক্ট

Screenshot 222

অভাৱেই আৱিষ্কাৰৰ মূল বা মন কৰিলেই ছন, বাকৰি মাটিতাে ধন’ এই বাক্যশাৰীক সঠিক ব্যৱহাৰ কৰিছে মুছলপুৰৰ এজন যুৱকে।

ইউ টিউবত ভিডিঅ’ চাই মুছলপুৰৰ জেমছ বডােচাই নির্মাণ কৰিলে মিনি পাৱাৰ প্রজেক্ট। তেওঁ পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰিছে মিনি পাৱাৰ প্রজেক্ট।

সেইবাবে বাসা জিলাৰ সদৰ মুছলপুৰৰ যুৱকজন সম্প্রতি অঞ্চলটোৰ বাবে হৈ পৰিছে চৰ্চাৰ বিষয়। তেওঁ নিজ প্রচেষ্টাত বিদ্যুৎ উৎপাদন কৰি চমক সৃষ্টি কৰিছে।

নিজ ঘৰৰ পৰা এক কিলােমিটাৰ দূৰৈৰ খেতিপথাৰৰ মাজেৰে বৈ যােৱা এটা জানত উদ্ভাৱনী শক্তিৰে বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে মুছলপুৰৰ খেতিপথাৰত এতিয়া জলসিঞ্চনৰ অভাৱ।

পানীৰ অভাৱত বহু খেতিপথাৰত আশানুৰূপ শস্য উৎপাদন নহয়। ফলত অকালতে ৰঙা পৰে শস্য ভূমি। এই অভাৱ দেখি খেতিপথাৰত জলসিঞ্চনৰ সুবিধাৰ বাবে যুৱকজনে সাজি উলিয়ালে এই মিনি পাৱাৰ প্রজেক্টটো।

কে’বাটাও পর্যায়ত ইউটিউবত ভিডিঅ’ চাই পুৰণি বিজুলী পাংখাৰ মটৰ আৰু কিছু ৰাসায়নিক সামগ্রী লৈ বডােচাই আৰম্ভ কৰিলে এই শক্তি প্রকল্পটো। দুমাহ চেষ্টা কৰাৰ পাছত সফল হ’ল জেমচ।

এই মিনি শক্তি প্রকল্পটোৰ পৰা ১৭০ কেভি বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হােৱা জেমচে ইয়াৰ পৰা ১৫টা বাল্ব আৰু ছাউণ্ড ছিষ্টেম বজাবলৈ সক্ষম হােৱাৰ লগতে ম’বাইল চার্জো দিয়ে। তেওঁ ঘৰৰ পৰা দূৰৈৰ পথাৰৰ মাজত পাম ধৰি খেতি বাতি কৰে।

নিজ ঘৰৰ পৰা দূৰ হােৱা বাবে ম’বাইল চার্জ দিবলৈ তেওঁ আকৌ ঘৰলৈ আহিব লাগে। নিশা পথাৰৰ মাজত হৈ পৰে এন্ধাৰ। সেয়ে তেওঁ এই ব্যৱস্থাটো কৰিছে।

যি সময়ত সমগ্ৰ ৰাজ্যত বিদ্যুতৰ নাটনিয়ে ৰাইজক মাধমাৰ দিছে, তেনে সময়ত জেমচৰ এই উদ্ভাৱনে চর্চা লাভ কৰিছে। প্ৰথম অৱস্থাত তেওঁ তেওঁৰ এই শক্তি প্রকল্পটো প্ৰচাৰ কৰিবলৈ ইতঃস্তত বােধ কৰিছিল।

এই সন্দৰ্ভত জেমচে কয়, ‘বহুদিনৰ পৰা এই বিষয়ে চিন্তা-চৰ্চা চলাই আছিলাে। দুই-এজনৰ পৰা পৰামর্শও ল’লাে। শেষত ইউটিউবত বিচাৰিলাে আৰু ভবা মতে ধাৰণাটো পালাে। খেতিপথাৰৰ জান এটাত বান্ধ দি সৰু ফুটা এটাৰে পানীবােৰ ওলাব দিলাে আৰু সেই ফুটাৰে ওলােৱা পানীৰ সোঁতত এটা ৰিং মেলি দিলাে।

পানীৰ সোঁতে ৰিংটো ঘূৰােৱাৰ পাছত কাৰিকৰী কৌশল খটুৱাই তাৰ পৰা বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হলাে। লাকুৱা জলবিদ্যুৎ প্রকল্পটো বহল কৰি ইয়াৰ পৰা তিনি হেজাৰ ৱাট উৎপাদন কৰাৰ লক্ষ্য লৈছাে।

নির্ধাৰিত এই লক্ষ্যত উপনীত হ’লে ইয়াৰ পৰা ওচৰৰ তিনিজন কৃষকক খেতিপথাৰত লাগতিয়াল পানী যােগান ধৰিবলৈ সক্ষম হ’ম। জেমচৰ এই মিনি পাৱাৰ প্রজেক্টটো চাই অঞ্চলটোৰ বহুজন অভিভূত হৈ শলাগ লৈছে।

অৱশ্যে প্রকল্পৰ সা- সামগ্রীবােৰ ক্ষণস্থায়ী। দীর্ঘস্থায়ী কৰিবলৈ বহু ধন লাগিব জেমচক।

Exit mobile version