চিথিলাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাংগঠনিক কৰ্মশালা আৰু সজাগতা সভা অনুষ্ঠিত

ff33c49c 1a8d 4de8 b053 477f5fe2720e

কোকৰাঝাৰ জিলাৰ চিথিলাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্দোগত আৰু বিভিন্ন আঞ্চলিক সমিতিসমুহৰ সহযোগত সজাগতা সভা অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা সাত বজাত পতাকা উত্তোলন কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলাৰ সভাপতি সেখ ছেলিম পাটগিৰিয়ে, শ্বহীদ তৰ্পণ কৰে যুটীয়া সাঃ সম্পাদক ৰুস্তম আলীয়ে,বৃক্ষৰোপন কৰে যুটীয়া সাঃ সম্পাদক আকিনুৰ ইছলামে।

উক্ত সভাতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চিথিলা-বিন্নাছাৰা আৰু দোতমা আঞ্চলিকৰ শপত গ্ৰহণ কৰা হয়।উক্ত সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্রীয় সভাপতি শ্বাহ নাৱাজ হুছেইন, সহঃ সম্পাদকদ্বয় ছহিদ আলী আহমেদ আৰু কবিবুল হক, নাথ যোগী ছাত্র সন্থাৰ কেন্দ্রীয় সাঃ সম্পাদক অৰবিন্দ নাথ, বিটিআৰ সুত্রধৰ যুৱ ছাত্র পৰিষদৰ সভাপতি তৰণী সুত্রধৰৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিভিন্ন বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল।

উক্ত সভাত উপস্থিত থাকি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্রীয় সভাপতি শ্বাহ নাৱাজ হুছেইনে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে অসম চৰকাৰে অতি সোনকালে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ সমস্যা সমুহ সমাধান কৰিব লাগে।

Exit mobile version