Afghanistan Crisis : আফগানিস্তানৰ অৰ্ধেকাংশ নাগৰিক সন্মুখীন হৈছে ভয়াৱহ খাদ্য সংকটৰ

6176e376c4d6630019be787c

ৰাষ্ট্ৰসংঘ‌ই শংকা প্ৰকাশ কৰা অনুসৰি, আফগানিস্তানত অৰ্ধেকাংশৰো অধিক নাগৰিকে ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হ’ব পাৰে । বৰ্তমানৰ সময়ত দেশখনৰ আধাৰো অধিক জনসংখ্যাই পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ অভাৱত ভুগিছে বুলি তথ্য প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘ‌ই কয় যে অচিৰে বিষয়টোৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নহ’লে আগন্তুক সময়ত আফগানিস্তানত খাদ্য সংকটে চৰম ৰূপ ধাৰণ কৰিব পাৰে ।

ৰাষ্ট্ৰসংঘ‌ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, খৰাংৱস্থা, হিংসা, যুদ্ধ, ৰাজনৈতিক অস্থিৰতা আৰু কৰ’না মহামাৰীৰ ফলত আফগানিস্তানৰ অৱস্থা সম্প্ৰতি যথেষ্ট দুৰ্দশাগ্ৰস্ত হৈছে । আফগানিস্তানৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘ‌ই যুগুত কৰা এই প্ৰতিবেদনত লগতে শংকা প্ৰকাশ কৰা হৈছে যে বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে দেশখনত অতি কম সময়ৰ ভিতৰত খাদ্য সংকটে জটিল ৰূপ ধাৰণ কৰিব পাৰে । খাদ্য আৰু কৃষি সংগঠন (এফ এ অ’) আৰু বিশ্ব খাদ্য কাৰ্যক্ৰম (ডব্লিউ এফ পি)-এ যৌথভাৱে আফগানিস্তান সন্দৰ্ভত এই প্ৰতিবেদন যুগুত কৰিছে ।

ৰাষ্ট্ৰসংঘ‌ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, বৰ্তমানৰ পৰিস্থিতিত আফগানিস্তানত কমেও দুই কোটি নাগৰিকৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । এইসকল নাগৰিকৰ উপাৰ্জন বাধাগ্ৰস্ত হোৱাৰ ফলত তেওঁলোকে ভয়াৱহ খাদ্য সংকটত ভুগিব লগা হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে । আগন্তুক শীতৰ সময়ছোৱাত খাদ্য সংকটৰ ফলত দেশখনৰ বৃহৎসংখ্যক নাগৰিকৰ জীৱন বিপন্ন হোৱাৰ শংকাও প্ৰকট হৈছে ।

আই পি চি-ৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা অনুসৰি অহা নৱেম্বৰৰ পৰা ২০২২ৰ মাৰ্চলৈকে ৫০ শতাংশৰো অধিক আফগান নাগৰিক মূলত খাদ্য সংকটৰ ফলত বিপদগ্ৰস্ত হোৱাৰ শংকা আছে । এইসকল আফগান নাগৰিকে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ জৰুৰীকালীন অৱস্থাৰো সন্মুখীন হ’ব পাৰে বুলি প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞই শংকা প্ৰকাশ কৰিছে । চলিত বৰ্ষৰ এপ্ৰিললৈকে ক্ষুধাত আক্ৰান্ত আফগান নাগৰিকৰ সংখ্যা ৩৭ শতাংশ বৃদ্ধি পাইছে ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, গ্ৰামাঞ্চলত বিগত চাৰি বছৰৰ পাছত দ্বিতীয়বাৰ দেখা দিয়া ভয়াৱহ খৰাংৱস্থাৰ ফলত আফগানিস্তানৰ ৩৭ লাখ লোকৰ জীৱিকা প্ৰভাৱিত হৈছে ।

Exit mobile version