Aromatherapy Spray Import : আমেৰিকাত বিৰল বেক্টেৰিয়াৰ প্রাদুর্ভাৱ, নেপথ্যত ভাৰতৰ পৰা আমদানি স্প্রে ?

Bps96

চলতি বৰ্ষত মার্কিন যুক্তৰাষ্ট্রত এক বিৰল বেক্টেৰিয়াত আক্রান্ত হৈছিল বহুকেইজন মার্কিন নাগৰিক । প্রাথমিকভাৱে বুজিব পৰা নগ’লেও পাছত পৰীক্ষা-নিৰীক্ষা কৰি জানিব পৰা যায় যে এটা বিশেষ ব্রেণ্ডৰ এৰ’মাথেৰাপি স্প্রেৰ পৰা এই বেক্টেৰিয়া বিয়পিছে । মঙলবাৰে ইউএছ চেন্টাৰ ফৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনছন (চিডিচি)য়ে নিশ্চিত কৰিছে যে ৱালমার্ট ইনকর্প’ৰেটেডৰ পৰা বিক্রী কৰা এটা স্প্রেৰ পৰা এই ভাইৰাছ বিয়পি পৰিছে । ফলত চলিত বৰ্ষৰ আৰম্ভণিতে চাৰিজনৰ শৰীৰত বেক্টেৰিয়া সংক্রমিত হৈছিল ।

এইটোও জানিব পৰা যায় যে এই স্প্রেটো ভাৰতত তৈয়াৰ কৰা হৈছিল । প্রায় ৫৫টা দোকানত বিক্রীও কৰা হৈছে । ফেব্রুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত ৱালমার্টৰ ৱেবছাইটতো এই স্প্রে বিক্রী হয় । অৱশ্যে এই ঘটনা প্রকাশ্যত অহাৰ পাছতে ৱালমার্টে তাৰ ৱেবছাইটৰ পৰা প্রায় তিনি হেজাৰ ৯০০টা বটল আঁতৰাই দিয়ে । আমেৰিকাৰ জনস্বাস্থ্য সংস্থাই জনায় যে এই বটলবোৰৰ পৰাই বেক্টেৰিয়া বিয়পিছে । ৱালমার্টে মঙলবাৰে কয় যে তেওঁলোকে এই বিষয়ত চিডিচিক তদন্তত সহায় কৰিব ।

এজন মার্কিন পাইকাৰী বিক্রেতাই কয়, “এই পণ্যৰ সম্পর্কে গ্রাহকসকলক জনাইছো । ইতিমধ্যে কে’বাহেজাৰ স্প্রে আঁতৰ কৰি দিয়া হৈছে । চিডিচি-য়ে তদন্ত কৰিবৰ বাবে পণ্যটোৰ বিক্রী বন্ধ কৰাৰ নিৰ্দেশ দিছে । সেই তদন্তত সক্রিয়ভাৱে আছো ।” তথ্য অনুসৰি, মেলিঅ’ড’ছিছ (Melioidosis) নামৰ এটা বিৰল বেক্টেৰিয়াৰ সংক্রমণ হৈছে । যিয়ে বহুসময়ত মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে । ইয়াৰ বিজ্ঞানসন্মত নাম “Burkholderia Pseudomallei” । ইয়াক সাধাৰণতে গ্রীষ্মকালীন জলবায়ুত পোৱা যায় । জর্জিয়াত অসুস্থ হোৱা এজন ৰোগীৰ গৃহত বিগত সপ্তাহত এই বেক্টেৰিয়া চিহ্নিত কৰিছে চিডিচিৰ বিষয়াসকলে ।

ইয়াৰ জেনেটিক বিশ্লেষণ কৰি বিজ্ঞানীসকলে পাইছে যে অন্যান্য ৰোগীৰ দেহত পোৱা বেক্টেৰিয়া ষ্ট্ৰেনৰ স’তে ইয়াৰ মিল আছে । মার্চৰ পৰা কানছাছ, মিনেছ’টা আৰু টেক্সাছ অঞ্চলতো একাধিক ৰোগীৰ গৃহত ইয়াৰ উপস্থিতি পোৱা গৈছে ।  কৰ’না ভাইৰাছক লৈ এতিয়াও চিন্তিত মার্কিন প্রশাসন । পৰিস্থিতি নিয়ন্ত্রণত থাকিলেও সম্পূর্ণভাৱে সংক্রমণ ৰোধ কৰিব পৰা নাই । তেনে সময়তে বিৰল বেক্টেৰিয়াৰ এই সংক্রমণে নতুনকৈ উদ্বেগ বৃদ্ধি কৰিছে দেশখনত ।

Exit mobile version