Aryan Khan: বুধবাৰেও স্থগিত আৰিয়ানৰ জামিনৰ ৰায়দান ,বৃহস্পতিবাৰে পুনৰ শুনানি

v35qgiu aryan khan

পুনৰ পিছুৱাই দিয়া হ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিনৰ শুনানি ।বুধবাৰে ৰায় ঘোষণা নকৰিলে বোম্বাই উচ্চ ন্যায়ালয়ে । বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব শুনানি।

ADVERTISEMENT

মঙলবাৰে আৰিয়ানৰ জামিনৰ শুনানি প্ৰক্ৰিয়া অসম্পূৰ্ণ ন’হল। শ্বাহৰুখ আৰু গৌৰী খানে আশা কৰিছিল বুধবাৰে উচ্চ ন্যায়ালয়ৰ ৰায় ঘোষণা ।

বোম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰতি আস্থা ৰাখিছিলে শ্বাহৰুখ-গৌৰীৰ আৰু সেইকাৰণে যোৱা সপ্তাহত পুত্ৰৰ জামিন আবেদন নাকচ হোৱাৰ পাছত খান পৰিয়ালে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।আনহাতে আৰিয়ানৰ বন্ধু অভিনেত্ৰী অনন্যা পাণ্ডেও এনচিবিৰ অধীনত আছে।

অনন্যা আৰু আৰিনৰ হোৱাটছএপৰ কথোপকথনৰ ওপৰত দৃষ্টি ৰাখিছে নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ'(এনচিবি)য়ে।তাতে মাদক সংক্ৰান্ত একাধিক কথাবাৰ্তাও পোৱাৰ দাবী কৰিছে এনচিবিয়ে।

একে সময়তে, সংস্থাৰ বক্তব্য, আৰু তিনিজন তাৰকা শিশুৰ নাম উত্থাপন হৈছে এই মাদক কাণ্ডত । যদিও তেওঁলোকৰ নাম এতিয়াও প্ৰকাশ কৰা নাই।

ইতিমধ্যে মাদক কাণ্ডত তদন্তকাৰী বিষয়া সমীৰ ৱানখেডৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে তেওঁৰ বিৰুদ্ধে কে’বাটাও অভিযোগ উত্থাপন কৰিছে।

যোৱা দুই অক্টোবৰত মুম্বাইৰ পৰা গোৱালৈ অভিমুখি প্ৰমোতৰীৰ পৰা আটক কৰিছিল আৰিয়ানক । তাৰ পাছত তেওঁক তিনি অক্টোবৰত গ্ৰেপ্তাৰ কৰে এনচিবিয়ে ।

ইয়াৰ পূৰ্বে মুঠ দুবাৰ আৰিয়ানৰ জামিনৰ আবেদন নাকচ কৰা হয়। যুক্তি হিচাপে কোৱা হয়, জামিনত মুকলি হ’লে তেওঁৰ বিৰুদ্ধে থকা সকলো তথ্য আৰু প্ৰমাণ মচি পেলাবলৈ চেষ্টা কৰিব পাৰে।

Exit mobile version