Lemon Water Side Effects:ওজন হ্ৰাস কৰিবলৈ পুৱাই নেমু পানী খোৱাৰ অভ্যাস আছে নেকি ?হ’ব পাৰে কিডনীৰ ক্ষতি

1635330555 new project 2021 10 27t144146 052

ভিটামিন চি প্ৰাপ্ত কৰাৰ আটাইতকৈ সহজ উপায় হৈছে নেমু । বহুলোকে তেওঁলোকৰ দৈনিক আহাৰত দাইল-ভাত বা চালাডত নেমুৰ ৰস যোগ দিয়াৰ উপৰিও বহুলোকে নেমুৰ চৰবত বনাই খায়। কিন্তু বহুতে এতিয়া চৰ্বি হ্ৰাস কৰিবলৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত নেমু পানী খোৱাৰ অভ্যাস গঢ়ি লৈছে ।

শৰীৰত যাতে কেলচিয়াম কৰি শোষণ কৰিব পাৰে, তাত সাহাৰ্য্য কৰে কেলচিয়ামে । গতিকে হাড় শক্তিশালী ৰখাৰ বাবে ভিটামিন চি অতি প্ৰয়োজন।

মূলত শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰাবলৈ কাম কৰে কিডনীয়ে । ইয়াৰ উপৰিও ইউৰিক এচিডৰ স্তৰ, হাড়ৰ স্বাস্থ্য আৰু ৰক্তচাপ বজাই ৰখাত সহায় কৰে এই অঙ্গই। কিন্তু যিসকলৰ কোনো ধৰণৰ দীৰ্ঘম্যাদী কিডনীৰ ৰোগ আছে তেওঁলোকৰ শৰীৰৰ পৰা দূষিত পদাৰ্থ উলিওৱাৰ স্বাভাৱিক প্ৰক্ৰিয়াত বাধা হয়। শৰীৰে দূষিত পদাৰ্থ জমা কৰে। ই হৃদৰোগৰ আশংকা বৃদ্ধি কৰে।

কিন্তু নেমু পানী খোৱাটো এনে ৰোগীসকলৰ বাবে বিশেষ ক্ষতিকাৰক নহয়। নেমুত থকা ভিটামিন চি বা চাইট্ৰিক এচিডে বৃক্কৰ বিশেষ ক্ষতি নকৰে। কিন্তু অত্যাধিক খোৱাৰ ফলত সমস্যা হ’ব পাৰে। অত্যাধিক নেমু পানী খোৱাৰ ফলত পেটৰ বিকাৰ, ওকালি অহা আদি সমস্যা হ’ব পাৰে। কিডনী ভালে ৰাখিবলৈ নেমুপানীৰ স’তে আদা মিহলি কৰি খাব পাৰে।

Exit mobile version