United Liberation Front : পাকিস্তানৰ জয়ত উল্লসিত কাশ্মীৰি ছাত্রৰ বিৰুদ্ধে অভিযোগ দাখিল হ‌ওঁতেই সকীয়নি দিলে সন্ত্ৰাসবাদী সংগঠনে

49227843 303

টি-২০ বিশ্বকাপৰ মেচত পাকিস্তানৰ জয়ৰ পাছত দেশবিৰোধী শ্ল’গান দিয়াৰ অভিযোগত শ্রীনগৰৰ মেডিকেল কলেজৰ শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে ইউএপিএ আইনৰ অধীনত গোচৰ দাখিল কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে । শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে অভিযোগ কৰাসকলক, হুমকি দিলে সন্ত্ৰাসবাদী সংগঠন ইউনাইটেড লিবাৰেছন ফ্রন্ট (ইউএলএফ)এ ।

শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ কৰা সকলক, ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা বিচাৰিব কৈছে এই সন্ত্ৰাসবাদী সংগঠনে । ক্ষমা নুখুজিলে পৰিণতি বেয়া হ’ব পাৰে বুলি সকীয়নি দিছে তেওঁলোকে । এক বিবৃতিত ইউএলএফ-এ জনাইছে, ‘যিয়ে এই অভিযোগ কৰিছে, আমি তেওঁলোকৰ বিষয়ে জানো । বাহিৰৰ কর্মচাৰী আৰু ছাত্রসকলক সতর্ক কৰিছো, এনে ধৰণৰ কামত নিজকে সোমাই নল’ব ।’ যোৱা মাহত কাশ্মীৰৰ অনন্তনাগত প্ৰব্ৰজনকাৰী শ্রমিকসকলৰ ওপৰত আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছিল এই সন্ত্ৰাসবাদী সংগঠনে ।

দেওবাৰৰ মেচত পাকিস্তানে ভাৰতক পৰাজিত কৰাৰ পাছত উপত্যকাৰ বিভিন্ন অঞ্চলত পাকিস্তানৰ জয় উদ্‌যাপনৰ ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত । আতচবাজীও কৰা হয় । শ্রীনগৰৰ দুখন মেডিকেল কলেজৰ শিক্ষাৰ্থীসকলৰ বিৰুদ্ধেও একেই অভিযোগ উত্থাপিত হয় । ইয়াৰ পাছতেই কাশ্মীৰ আৰক্ষীয়ে দুটা এফআইআৰ দাখিল কৰিছে । জম্মু-কাশ্মীৰৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়াই কয়, ‘‘তদন্ত অব্যাহত আছে । এই গোচৰৰ মাধ্যমত আমি উদাহৰণ তৈয়াৰ কৰিম ।’’ এই ঘটনাবোৰত এতিয়াও অৱশ্যে কাকো গ্রেপ্তাৰ কৰা নাই । গোচৰ ৰুজু হোৱাৰ লগে লগে হুমকি দিলে ইউএলএফ-এ ।

Exit mobile version