অতিৰিক্ত ওজন বৃদ্ধি পাইছে নেকি ? সেৱন কৰক এই কেইটা ‘চমৎকাৰী’ পানীয়

বৰ্তমান প্ৰজন্মৰ বহুতে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে যথেষ্ট সচেতন। বিশেষকৈ ওজনৰ ক্ষেত্ৰত। বহুলোকে ওজন নিয়ন্ত্ৰণ কৰিবলৈও কঠোৰ পৰিশ্ৰম কৰে।

ৰাতিপুৱা ট্ৰেডমিলত খোজ কাঢ়ি, গোটেই দিনটো নামমাত্ৰ খোৱা। কিন্তু এই সমূহে সকলো নহয়। ওজন কেনেকুৱা হ’ব তাৰ বেছিভাগ শৰীৰৰ বিপাক হাৰৰ ওপৰত নিৰ্ভৰ কৰে।

বিপাক হ্ৰাস কৰিলে ওজন বৃদ্ধি হয়। কিন্তু এনে কিছুমান ‘চমৎকাৰী ‘পানীয় আছে যিয়ে আপোনাৰ বিপাকৰ হাৰ বৃদ্ধি কৰিব আৰু অতিৰিক্ত ওজন হ্ৰাস কৰিব।

চাওক সেইসমূহ চমৎকাৰী পানীয়

◆ আদা, নেমু আৰু মৌত লুকাই থাকে বিপাক বৃদ্ধিৰ মন্ত্ৰ। এটা পাত্ৰত এক লিটাৰ পানী লওঁক আৰু ইয়াক আধা চামুচ নেমুৰ পানী, কটা নেমুৰ বাকলি, কটা আদা আৰু অলপ জালুকৰ স’তে মিহলি কৰক। মিশ্ৰণটো অলপ সময়ৰ বাবে উতলাওক আৰু ঠাণ্ডা হ’লে ইয়াক সেৱন কৰক।

◆এই পানীয় টো তৈয়াৰ কৰিবলৈ এক লিটাৰ পানীত জিৰা, জালুক, ডালচেনি যোগ দিয়ক। মিশ্ৰণটো পাঁচৰ পৰা সাত মিনিটৰ বাবে উতলাওক। তাৰ পাছত ইয়াত নেমু আৰু মৌ মিহলি কৰক আৰু ইয়াক ঠাণ্ডা হ’লে সেৱন কৰক।

◆পুদিনা পাতৰ স’তে একাপ পানী মিহলি কৰক। তাৰ পাছত ভালদৰে উতলাওক। ইয়াত গ্ৰীণ টি যোগ দিয়ক আৰু ইয়াক তিনি মিনিটৰ বাবে ৰাখি দিয়ক। সেই পানী সেৱন কৰক।

Exit mobile version