গোসাইগাঁও বিধানসভাৰ উপনিৰ্বাচনৰ বাবে মহকুমা প্ৰশাসনৰ প্ৰস্তুতি

WhatsApp Image 2021 10 28 at 7.10.58 PM

ৰাজ্যৰ বিধানসভাৰ উপনিৰ্বাচনৰ বাবে মাজত মাথো এটা দিন বাকী । গোসাইগাঁও মহকুমা প্ৰশাসনে ইতিমধ্যে ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় কাম-কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে‌ ৷ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ সমাপ্ত হৈছে ৷

আনহাতে, উপনিৰ্বাচনত গোসাইগাঁও বিধানসভা সমষ্টিটোত সৰ্বমুঠ ২,৯০,৬৪০ গৰাকী ভোটাৰে ভোটদান কৰিব । ইয়াৰে ভিতৰত ৯৭,৬৭২ গৰাকী পুৰুষ, ৯২,৯৬৬ গৰাকী মহিলা আৰু দুগৰাকী উভয়লিংগৰ ভোটাৰ ৷ মুঠ ২৮৫ টা ভোট কেন্দ্ৰৰ ভিতৰত ২২ টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ২০ টা অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা বুলি গোসাইগাঁও জিলা নিৰ্বাচনী নডেল বিষয়া গৌতম প্ৰিয়ম মহন্তই জানিবলৈ দিয়ে ।

Exit mobile version