চাবুৱাত শিক্ষক-ছাত্ৰীৰ দেহত ক’ভিড

অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় সাত দিনলৈ বন্ধৰ নিৰ্দেশ

চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিগৰাকী শিক্ষক আৰু দুগৰাকী ছাত্ৰীৰ দেহত ক’ভিড ধৰা পৰিছে । চাৰিও গৰাকী শিক্ষকে বিদ্যালয় খোলা দিনৰ পৰা নিয়মিতভাৱে পাঠদান কৰি আহিছিল ।

বুধবাৰে এজনৰ দেহত ধৰা পৰাৰ পাছত আজি বিদ্যালয়খনৰ পৰীক্ষা কৰোৱাত আন তিনিগৰাকী আৰু দুগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰে ।

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক এই পৰ্যন্ত ক’ভিড পৰীক্ষা কৰি থকা হৈছে, সৰ্বমুঠ ২২০গৰাকীৰ পৰীক্ষণ সম্পন্ন হৈছে । বিদ্যালয়খনত ৩৫ গৰাকী শিক্ষক আৰু ১৮০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী আছে । এই খবৰে চাবুৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Exit mobile version