জানেনে তেজপাতৰ চাহৰ এইসমূহ চমৎকাৰী উপকাৰিতা

d84f1743 b420 4c51 9a98 118ca06c4a41 1635323034933 1635323044535

তেজপাতৰ চাহৰ বিভিন্ন উপকাৰিতা আছে । চৰ্দি লগাৰ পৰা বদহজমলৈকে, সকলো বোৰ সমস্যাৰ সমাধান পাব তেজপাতৰ চাহত।

মচলা চাহ তৈয়াৰ কৰোঁতে, মাজে মাজে ইয়াত গোটা গৰম মচলাৰ লগত তেজপাত যোগ দিয়া হয়। মুখ্যতঃ চাহৰ সোৱাদ আৰু গোন্ধ বঢ়াবলৈ এই পদ্ধতি সকলোৰে ঘৰে ঘৰে ব্যৱহাৰ হয় ।

কিন্ত আপুনি জানেনে তেজপাতৰ চাহ কিমান উপকাৰি ! এই যাদুকৰী পাতত আছে কপাৰ , চেলেনিয়াম, লো, জিংক,মেগনেছিয়াম,আয়ৰন ,জিংকৰ দৰে বিভিন্ন উপাদান ।লগতে পাব ভিটামিন চি, ভিটামিন এ আৰু ফলিক এচিডও ।

◆ তেজপাতৰ চাহত থকা প্ৰদাহৰোধকাৰী উপাদানবোৰ আৰ্থ্ৰাইটিছৰ বিষ হ্ৰাস কৰাত উপকাৰী।

◆ঋতু পৰিৱৰ্তনৰ এই সময়ত বহুতো লোক জ্বৰ চৰ্দিত ভুগে। তেজপাতৰ বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণে ঠাণ্ডা লগাবলৈ নিদিয়ে । ই বুকুত জমা হোৱা কফ আঁতৰ কৰাত সহায় কৰে।

◆তেজপাতত থকা এণ্টিঅক্সিডেণ্টে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। ফলস্বৰূপে, এই চাহ ডায়েবেটিচ ৰোগীসকলৰ বাবেও বিশেষ লাভজনক।

◆তেজপাতৰ চাহে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত আৰু শৰীৰৰ পৰা বেয়া কলেষ্টেৰল আঁতৰ কৰাত সহায় কৰে।তেজপাতৰ চাহে হজম বৃদ্ধি কৰে। গতিকে বদহজমত ভুগি থকা সকলেও এই চাহ খাব পাৰে

Exit mobile version