বৃদ্ধ লােকক বিনামূল্যে অযােধ্যা দর্শন কৰাব দিল্লীৰ কেজৰিৱাল চৰকাৰে

jpg 1

দিল্লী চৰকাৰে বুধবাৰে অনুষ্ঠিত হােৱা বিশেষ কেবিনেট বৈঠকত তীর্থযাত্রা আঁচনিত অযােধ্যাকো অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত ল’লে। এতিয়াৰে পৰা দিল্লী চৰকাৰে বৃদ্ধ নাগৰিকক বিনামূল্যে উত্তৰ প্ৰদেশৰ অযােধ্যাত ৰামললা দর্শন কৰাব।

কেবিনেট বৈঠকৰ পাছতে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে বুধবাৰে সাংবাদিক আগত এই কথা ঘােষণা কৰি কয় যে দিল্লী চৰকাৰে গ্ৰহণ কৰা তীর্থযাত্রা আঁচনিত এতিয়াৰে পৰা বয়স্ক নাগৰিকসকলে অযােধ্যা দর্শনৰ সুবিধাও বিনামূলীয়াকৈ লাভ কৰিব।

অযােধ্যা দর্শন কৰিব বিচৰা বৃদ্ধ লােকে পৰিয়ালৰ এজন সদস্যৰ স’তে তীর্থযাত্রা আঁচনিৰ সুবিধা গ্রহণ কৰিব পাৰিব।

Exit mobile version