বৰছলাৰ গৰুডুবাৰ যুৱকে দীপাৱলী উপলক্ষে তৈয়াৰ কৰা ৰঙীন লাইটে প্ৰত্যাহ্বান জনাব চীনা সামগ্ৰীক

প্ৰধানমন্ত্ৰীয়ে থলুৱা সামগ্ৰী ব্যৱহাৰৰ আহ্বান জনোৱাৰ পাছতেই যুৱকজনে তৈয়াৰ কৰিছে ৰং বিৰঙৰ লাইট

সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ ইতিমধ্যে ৰাজ্যজুৰি দীপাৱলীৰ প্ৰস্তুতি চলা দেখা গৈছে ৷ মৃৎশিল্পীসকলে দিনে নিশাই মাটি চাকি তৈয়াৰ কৰাত ব্যস্ত হৈছে ৷ ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ দীপাৱলীত থলুৱা সামগ্ৰী ব্যৱহাৰৰ বাবে দেশবাসীক আহ্বান জনোৱাৰ পাছতেই একাংশ লোকৰ মুখত বিৰিঙিছে হাঁহি ৷ থলুৱাভাৱে আতচবাজী তৈয়াৰ কৰা লোক আৰু ৰং বিৰঙৰ লাইট তৈয়াৰ কৰা লোক সকলৰ মাজত কিছু আশাৰ সঞ্চাৰ হৈছে ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতেই উৎসাহিত হৈ শোণিতপুৰ জিলাৰ বৰছলাৰ গৰুডুবা গাঁৱৰ যুৱক মিলন ৰিমালে দীপাৱলীত বিক্ৰী কৰিবলৈ নিজে তৈয়াৰ কৰিছে ৰং বিৰঙৰ পোহৰ দিয়া বিভিন্ন ধৰণৰ বৈদ্যুতিক লাইট ৷

দীপাৱলীত বিক্ৰীৰ বাবে মিলন ৰিমানে তৈয়াৰ কৰিছে ন বিধ বিশেষ লাইট ৷ এইগৰাকী যুৱকে তৈয়াৰ কৰা লাইটৰ চীনা লাইটতকৈ মান দণ্ড যথেষ্ট উন্নত ৷ দীপাৱলীত আপোনাৰ ঘৰখন আলোক সজ্জাৰে উজ্বলাই তুলিবলৈ এই যুৱকজনে নিজ হাতেৰে তৈয়াৰ কৰা ন বিধ ৰং বিৰঙৰ বৈদ্যুতিক লাইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ তেওঁ লাইট তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ দিল্লী আদি ঠাইৰ পৰা আনি ঘৰতে তৈয়াৰ কৰে ৷

উল্লেখ্য যে যুৱকজনে এল ইডি বাল্ব তৈয়াৰ কৰি আহিছে নিজ গৃহতে ৷ এল ইডি বাল্ব জিলাখনৰ লগতে বিভিন্ন প্ৰান্তত বিক্ৰীৰ বাবে প্ৰেৰণ কৰে ৷ এইবাৰ দীপাৱলীত থলুৱা সামগ্ৰী ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পাছতেই ইয়াৰ চাহিদা বৃদ্ধি পোৱাৰ আশাৰ মিলন ৰিমালে ৰং বিৰঙৰ পোহৰ দিয়াৰ লাইট তৈয়াৰ কামত আগবাঢ়ে ৷ সেই মৰ্মে তেওঁ প্ৰায় ৯০০টা লাইট তৈয়াৰ কৰিছে ৷ দীপাৱলীত বিক্ৰী কৰিবৰ পৰা মিলনে তৈয়াৰ কৰা লাইটসমূহে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

ইতিমধ্যে এই লাইটসমূহে গ্ৰাহকৰ পৰা আশাজনক সহাঁৰি পাইছে বুলি উল্লেখ কৰে যুৱকজনে ৷ যি সময়ত ভকেল ফৰ লোকেলৰ শ্ল’গান দিয়া হৈছে আনফালে দীপাৱলীত থলুৱা সামগ্ৰী ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনাইছে তেনে সময়তে বৰছলাৰ এইগৰাকী যুৱকে দীপাৱলীৰ বাবে তৈয়াৰ কৰা লাইটে চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাব সেয়া নিশ্চিত ৷

Exit mobile version