শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ নিউৰ’চাৰ্জিকেল অপাৰেচন সম্পন্ন

নিউৰ'চাৰ্জন ডাঃ সম্বুদ্ধ ধৰৰ নেতৃত্বত দুগৰাকী ৰোগীৰ সফল অস্ত্ৰোপচাৰ, স্বাস্থ্যমন্ত্ৰীৰ অভিনন্দন

neurochirurgicum image neurochirurgie endoskopisch1

বৰাকৰ স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্ৰাৰ সংযোজনেৰে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ সম্পন্ন হ’ল নিউৰ’চাৰ্জিকেল অপাৰেচন । ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’চাৰ্জাৰী বিভাগৰ বাবে ‘কনছালটেণ্ট’ হিচাপে নিযুক্তি দিয়া বিশিষ্ট নিউৰ’চাৰ্জন ডাঃ সম্বুদ্ধ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়খনৰ বিশেষ স্নায়ুৰোগ অস্ত্ৰোপচাৰ গোটে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়খনত বৃহস্পতিবাৰে দুটাকৈ স্নায়ুজনিত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে । নিউৰ’চাৰ্জন ডাঃ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ বিভাগৰ তত্বাৱধায়ক অধ্যাপক ডাঃ বিষ্ণু পিনাক এন জি আৰু ছিনিয়ৰ ৰেছিডেণ্ট চিকিৎসক ডাঃ বিশ্বজিৎ দেৱনাথক লৈ গঠিত স্নায়ুৰোগ বিশেষজ্ঞ-চাৰ্জনৰ দলটোৱে মগজুত আঘাত পোৱা এটি ১২ বছৰীয়া কিশোৰ আৰু এগৰাকী ৪০ বছৰীয়া লোকৰ শৰীৰত সফলতাৰে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে । অস্ত্ৰোপচাৰ সম্পন্ন হোৱা ৰোগী দুগৰাকীৰ কৰিমগঞ্জ আৰু কাচাৰ জিলাৰ বাসিন্দা ।

আজি জৰুৰী স্নায়ুজনিত অস্ত্ৰোপচাৰ হোৱা কিশোৰগৰাকীয়ে গছৰ পৰা পৰি মূৰত গুৰুতৰ আঘাত পোৱাৰ বিপৰীতে আনগৰাকী লোকক এটা পথ-দুৰ্ঘটনাত পতিত হোৱাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । এই সফল অস্ত্ৰোপচাৰৰ পাছত সম্প্ৰতি দুয়োগৰাকী ৰোগীৰে স্বাস্থ্য সন্তোষজনক বুলি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ অভিজিৎ স্বামীয়ে সদৰি কৰিছে ।

উল্লেখ্য যে, বৰাক উপত্যকাবাসী প্ৰায় ৪০ লাখ জনসাধাৰণৰ সুবিধা হোৱাকৈ উপত্যকাটোতে স্নায়ুজনিত জৰুৰী চিকিৎসা তথা অস্ত্ৰোপচাৰ সেৱা উপলব্ধ কৰোৱাৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰ জৰিয়তে বিশিষ্ট নিউৰ’চাৰ্জন ডাঃ ধৰক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ তথা স্নায়ুজনিত অস্ত্ৰোপচাৰ বিভাগৰ ‘কনচালটেণ্ট’ হিচাপে নিযুক্তি দিয়াৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল । মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত যোৱা এক ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকত ডাঃ ধৰৰ নিযুক্তিত অনুমোদন জনোৱাৰ পাছত যোৱা ২২ অক্টোবৰত বিশিষ্ট নিউৰ’চাৰ্জনগৰাকীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নিউৰোচাৰ্জাৰী কনচালটেণ্ট হিচাপে যোগদান কৰে । বৰাকবাসীৰ স্বাৰ্থত ৰাজ্য চৰকাৰে লোৱা এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ পাছতে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰথমবাৰলৈ সফলতাৰে দুটাকৈ নিউৰ’চাৰ্জিকেল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ সক্ষম হোৱাৰ বাবে ডাঃ সম্বুদ্ধ ধৰ, ডাঃ বিষ্ণু পিনাক এনজিসহ চিকিৎসক-চাৰ্জনৰ দলটোৰ সদস্যসকল আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

বৰাকবাসীৰ বাবে আজিৰ দিনটোক এক ঐতিহাসিক দিন বুলি অভিহিত কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শিলচৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত স্নায়ুৰোগৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ বিভাগক আৰু অধিক উন্নীত কৰিবলৈ স্বাস্থ্য বিভাগে ব্যৱস্থা লৈছে । এই বিভাগটোৰ বাবে বিশ্বমানৰ তথা অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্ৰ-পাতি অনাৰ বাবেও চৰকাৰে ইতিমধ্যে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে । আজি সন্ধিয়া কাচাৰৰ উপায়ুক্ত কীৰ্থি জলীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ গৈ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা স্নায়ুৰোগ বিশেষজ্ঞ-চাৰ্জনৰ দলটোক স্বাস্থ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসনৰ হৈ অভিনন্দন আৰু সম্বৰ্ধনা জনায় ।

শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ স্বামীয়ে জনোৱা মতে, ৰাজ্য চৰকাৰে স্নায়ুৰোগ বিশেষজ্ঞ তথা চাৰ্জন ডাঃ ধৰক চিকিৎসা মহাবিদ্যালয়খনত নিযুক্তি দিয়াৰ সূত্ৰে এতিয়াৰে পৰা বৰাকৰ এই চিকিৎসা মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ চাৰ্জাৰীৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নোযোৱাকৈ শিলচৰতে নিউৰ’চাৰ্জাৰীৰ ব্যৱহাৰিক শিক্ষা-অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব । তদুপৰি, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰাও আগন্তুক বছৰসমূহত ৰাজ্যখনে ভৱিষ্যত প্ৰজন্মৰ নিউৰ’চাৰ্জন লাভ কৰাৰ বাটো ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তই মুকলি কৰা বুলি তেওঁ প্ৰকাশ কৰে‌ ।

ইফালে, বৰাকৰ এই চিকিৎসা মহাবিদ্যালয়খনত স্নায়ুৰোগ তথা স্নায়ুজনিত অস্ত্ৰোপচাৰ বিভাগক শক্তিশালী ৰূপত গঢ়াৰ বাবে বিভাগটোত ডাঃ ধৰৰ লগতে বিভাগীয় তত্বাৱধায়ক অধ্যাপক ডাঃ বিষ্ণু পিনাক এন জি, জ্যেষ্ঠ আবাসিক চিকৎসক ডাঃ বিশ্বজিৎ দেৱনাথ আৰু চাৰ্জাৰী বিভাগৰ স্নাতকোত্তৰ মহলাত অধ্যয়নৰত চিকিৎসক-ছাত্ৰসকলক লৈ এটা বিশেষ নিউৰ’চাৰ্জাৰী গোট গঠন কৰিছে শিলচৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই । অহা এক নৱেম্বৰৰ পৰা সপ্তাহৰ প্ৰতি মঙল আৰু বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত স্নায়ুৰোগ বিভাগৰ বৰ্হিঃ চিকিৎসা সেৱা (অ’পিডি)ও মুকলি কৰা হ’ব ।

Exit mobile version