Kerala Girl : ইউটিউব চাই ঘৰতে সন্তান জন্ম দিলে এগৰাকী ১৭বছৰীয়া কিশোৰীয়ে

119412409 gettyimages 538882863

ঘৰত বহি ইউটিউব ভিডিঅ’ চাই সন্তান জন্ম দিকে কেৰালাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে। আনকি ধৰাও নপৰিল কিশোৰীগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ আগত।

অৱশেষত ছোৱালীজনীৰ কোঠাৰ পৰা কেঁচুৱাই কান্দি থকা শুনি ঘৰৰ সদস্যই চাব যোৱাত দেখে ,কিশোৰী গৰাকীৰ পৰা সন্তান ভূমিষ্ঠ হৈ তলত পৰি আছে।

মাক আৰু শিশুটোক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। কেৰালাৰ মালাপ্পুৰমত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছিল।ইতিমধ্যে আৰক্ষীয়ে কিশোৰীৰ গৰ্ভত সন্তান জন্মদাতা যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

১৭ বছৰীয়া কিশোৰীগৰাকীয়ে কেৰালাৰ মালাপ্পুৰমত পিতৃ মাতৃৰ স’তে বাস কৰে। অভিযোগ অনুসৰি তেওঁ যোৱা সপ্তাহত তেওঁৰ কোঠাৰ পৰা একেবাৰে ওলোৱা নাছিল ।

পৰিয়ালৰ লোকে চিন্তিত হৈ প্ৰশ্ন কৰাত কিশোৰীগৰাকীয়ে কয় বিৰক্ত নকৰিব ,বিদ্যালয়ৰ অনলাইন ক্লাছ চলি আছে। কোনো সন্দেহ হোৱা নাছিল পেছাত নিৰাপত্তাৰক্ষী পিতৃ আৰু দৃষ্টিহীন মাতৃৰ। এনেদৰেই চলি থাকিল ।

আনহাতে, নিজকে গৃহ বন্দী কৰি প্ৰসৱ বেদনাত ভুগি থকা এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে কেনেকৈ নিজে সন্তান জন্ম দিব । তেওঁ এই উদ্দেশ্যৰ বাবে ভিডিঅ’ ষ্ট্ৰীমিং ছাইট ইউটিউব বাছনি কৰিছিল। অৱশেষত ইউটিউব ভিডিঅ’ চাই শিকা এক পদ্ধতি অনুসৰণ কৰি কিশোৰীগৰাকীয়ে অৱশেষত ২৪ অক্টোবৰত সন্তান জন্ম দিয়ে।

মাক আৰু শিশুটোক সোনকালে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। মাক আৰু শিশু দুয়োৰে বৰ্তমান স্বাস্থ্য ভাল বুলি কোৱা হৈছে। খবৰটো চিকিৎসালয়ৰ পৰা আৰক্ষীৰ ওচৰলৈ যায়।

আৰক্ষীয়ে পকচো আইনৰ অধীনত এজন ২১ বছৰীয়া যুৱকক তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছে। যুৱকজন কিশোৰীগৰাকীৰ চুবুৰীয়া। তথ্য অনুসৰি দুয়োৰে দীৰ্ঘদিন ধৰি সম্পৰ্ক আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱকজনে সন্তান ভূমিষ্ঠ হোৱাৰ পাছত কি দৰে নাভি কাটি শিশুটিক মাতৃৰ শৰীৰৰ পৰা পৃথক কৰিব ,কিশোৰীগৰাকীক সেইয়া ইউটিউবত চাবলৈ পৰামৰ্শ দিছিল ।

Exit mobile version