Sidharth Shukla-Shehnaaz Gill: ‘তুমি ইয়াতে আছা’, সিদ্ধার্থৰ মৃত্যুৰ প্রায় দু’মাহৰ পাছত লিখিলে শ্বেহনাজে

shehnaaz gill 1635404056878 1635404063173

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পাছত থমকি গৈছিল শ্বেহনাজৰ জীৱন । দীঘলীয়া সময়ৰ বাবে সামাজিক মাধ্যমত সক্ৰিয় নাছিল অভিনেত্ৰীগৰাকী।

অৱশেষত দুমাহৰ অন্তত,লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে শ্বেহনাজ। সেই ধাৰণাটো স্পষ্ট হ’ল তেওঁৰ ইনষ্টাগ্ৰামৰ প’ষ্টত। সিদ্ধাৰ্থৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত প’ষ্ট কৰিলে শ্বেহনাজ গিলে।

সিদ্ধাৰ্থক উৎসৰ্গিত কৰি নিৰ্মাণ কৰ হৈছে নতুন গান। নামটো হৈছে ‘তু য়েহি হে’। গানটো শুক্ৰবাৰে দুপৰীয়া ১২ বজাত মুক্তি পাব। শ্বেহনাজে গানৰ পোষ্টাৰখন ইনষ্টাগ্ৰামত প’ষ্ট কৰে।

ফটোখনত আছে সিদ্ধাৰ্থ আৰু শ্বেহনাজ। দুয়োৰে মুখত হাঁহি ।

অভিনেত্ৰীগৰাকীৰ প’ষ্ট দেখি আৱেগিক পৰি আছে তেওঁৰ অনুৰাগী ।’সিডনাজ’ৰ পৰিণতিত তেওঁলোকৰ মন পুনৰ গধুৰ হৈ পৰিছে। এতিয়াৰ বাবে সিদ্ধাৰ্থক লৈ শ্বেহনাজৰ গানৰ বাবে অপেক্ষা কৰি আছে সকলোৱে।

Exit mobile version