জাবৰো হ’ব পাৰে আশীৰ্বাদ, পেলনীয়া আৱৰ্জনাক সম্পদ কৰি তুলিবলৈ উদ্ভাৱন হ’ল ‘নিৰ্মল’

যি সময়ত জাৱৰ-আৱৰ্জনা চৰকাৰ তথা ৰাইজৰ মূৰৰ কামোৰণি হৈ পৰিছে, ডাম্পিং গ্ৰাউণ্ড বিচাৰি চৰকাৰ হাবাথুৰি খাইছে , ডাম্পিং স্থাপন কৰাৰ বিৰোধীতাত ৰাইজ আন্দোলনত নামিব লগা হৈছে তেনে সময়তে সেই আৱৰ্জনাক সমস্যাৰ পৰা উন্নীত কৰি আশীৰ্বাদলৈ ৰূপান্তৰ কৰিবলৈ আগবাঢ়িছে ‘ভিবজিঅ’ এণ্টাৰপ্ৰাইজ’ । পেলনীয়া আৱৰ্জনাক চেগ্ৰীগেট কৰি তাক পুনঃব্যৱহাৰ কৰি তুলিবলৈ এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা প্ৰস্তুত কৰি উলিয়াইছে মিউনিছিপাল চলিড ৱেষ্ট হেন্ডলিং এণ্ড প্ৰচেছিং চিষ্টেম ‘নিৰ্মল’ ।

পেলনীয়া আৱৰ্জনাৰ পৰা প্লাষ্টিক-পলিথিন আৰু জৈৱিক আৱৰ্জনাক বেলেগ বেলেগ কৰি তাক পুনঃ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পৰা এই ‘নিৰ্মল’ নামৰ যন্ত্ৰটো প্ৰস্তুত কৰি উলিয়াইছে বিশিষ্ট অভিযন্তা সঞ্জীৱ সভাপণ্ডিতে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এই যন্ত্ৰটোৰ ওপৰত প্ৰস্তুত কৰা এক ভিডিঅ’ ক্লিপ প্ৰদৰ্শন কৰি সভাপণ্ডিতে কয়, ” জাবৰ আমাৰ বাবে অভিশাপ নেকি ? নে সমস্যা ? মই ভাবো জাবৰ আমাৰ বাবে আশীৰ্বাদ, এক সম্পদ । মোৰ কথাত সকলোৱে আচৰিত হ’ব । কিন্তু এয়া সঁচা । আমি এক যন্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছোঁ । সেই যন্ত্ৰটোৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ জাৱৰ নিষ্কাশনৰ সমস্যা দূৰ হ’ব বুলি মোৰ দৃঢ় বিশ্বাস । গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলৰপৰা সংগ্ৰহ কৰা জাৱৰেৰে বৰাগাৱঁত পাহাৰ গঢ়ি উঠিছে । ই সমস্যা হিচাপে দেখা দিছে যদিও আমি তাৰ সমাধান সূত্ৰ লৈ আহিছোঁ । আমি এনে এক যন্ত্ৰ তৈয়াৰ কৰিছোঁ য’ত হাতেৰে নোচোৱাকৈ আমি জাবৰৰ পৰা প্লাষ্টিক, জৈৱিক আৱৰ্জনা বেলেগ বেলেগ কৰিব পাৰো । তাক পৰিষ্কাৰ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰো । যন্ত্ৰটোত এবাৰত ১-২০ টনলৈ জাবৰ চেগ্ৰীগেট কৰিব পৰা যায় । আৱৰ্জনাৰ পৰা জৈৱিক আৱৰ্জনাবোৰ বেলেগ কৰি তাৰ পৰা সাৰ প্ৰস্তুত কৰিব পৰা যায় ।’

ঠিক সেইদৰে পলিথিন প্লাষ্টিক বোৰ বেলেগ কৰি তাক পৰিষ্কাৰ কৰি ৰাস্তা বনোৱা, ব্লক বনোৱা, শক্তি উৎপাদন কৰা, খহনীয়া প্ৰতিৰোধ ইত্যাদিৰ বাবে ব্যৱহাৰ কৰিব পাৰি বুলি তেওঁ উল্লেখ কৰে । যিহেতু সকলোৱে ব্যক্তিগত ভাবে এই যন্ত্ৰটো স্থাপন কৰিব নোৱাৰে সেয়েহে টাওনশ্বিপ, ফ্লেট, বজাৰ ইত্যাদিৰ স্বত্বাধিকাৰী বা কৰ্তৃপক্ষই এই প্ৰচেষ্টা হাতত ল’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ পুনৰ কয়, ‘এই যন্ত্ৰটোৰ সৰু সৰু ইউনিট স্থাপন কৰি তাৰ দ্বাৰা জাবৰৰ সমস্যা দূৰ কৰাৰ লগতে আৰ্থিক ভাৱে লাভান্বিতও হ’ব পাৰিব । তেতিয়া জাৱৰ আমাৰ বাবে আশীৰ্বাদ আৰু সম্পদ হৈ পৰিব ।’

সভাপণ্ডীতে লগতে এই যন্ত্ৰটোৰ জৰিয়তে কিদৰে আৰ্থিকভাৱে লাভবান হ’ব পৰা যাব তাৰ ওপৰতো এক ব্যাখ্যা আগবঢ়ায় । উল্লেখ্য, গুৱাহাটী মহানগৰীৰ জাবৰৰ সমস্যা সমাধানত এই যন্ত্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ন কৰিব পাৰিব । তাৰ বাবে ইতিমধ্যে ভিবজিঅ’ৰ তৰফৰ পৰা গুৱাহাটী পৌৰ নিগমক আবেদন জনোৱা হৈছে । তদুপৰি অসমৰ মুখ্যমন্ত্ৰীকো এই বিষয়টো উপস্থাপন কৰিব বুলি সঞ্জীৱ সভাপণ্ডিতে জানিবলৈ দিয়ে । যন্ত্ৰটো সৰ্বনিম্ন ২০ লাখৰ পৰা সৰ্বোচ্চ এক কোটি টকাৰ মূল্যত উপলব্ধ হৈছে । অনুষ্ঠানত বিশিষ্ট অভিযন্তা ডঃ ডি আৰ দাস, কৈলাশ শৰ্মাৰ কে’বাগৰাকীও বিল্ডাৰ উপস্থিত থাকে ।

Exit mobile version