Aryan Khan : কি কি চৰ্তত আৰিয়ানক জামিন দিলে আদালতে ?

mt 202110259690

বৃহস্পতিবাৰে ব’ম্বে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিলে আৰিয়ান খানে (Aryan Khan) । শুকুৰবাৰে ঘৰলৈ উভতাৰ সম্ভাৱনা শাহৰুখ-পুত্রৰ (Shah Rukh Khan)‌ । কিন্তু কি চর্তত জামিন পালে আৰিয়ানে ?

২৬ দিনৰ পাছত শুকুৰবাৰে ঘৰলৈ উভতিব পাৰে আৰিয়ান । দীপাৱলীৰ আগতে মন্নতত আনন্দৰ পৰিৱেশ । খান পৰিয়ালৰ ঘনিষ্ঠ মহল সূত্রে জানিব পৰা গৈছে, বৃহস্পতিবাৰে পুত্ৰৰ জামিনৰ খবৰ পোৱা মাত্রকে আবেগিক হৈ পাৰে গৌৰী খান (Gauri Khan) ।

তথ্য অনুসৰি, আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰিবৰ বাবে একাধিক চর্ত দিছে ব’ম্বে উচ্চ ন্যায়ালয়ে । প্রথমতে, এক লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন পাইছে শাহৰুখ-পুত্র‌ই । এনে ধৰণৰ কোনো কাৰ্যতে আৰিয়ান (Aryan Khan) জড়িত থাকিব নোৱাৰিব । লগতে, অন্যান্য অভিযুক্তসকলৰ স’তে যোগাযোগ কৰিব নোৱাৰিব ।

নির্দেশ পোৱাৰ লগে লগে স্পেচিয়েল ন্যায়ালয়ত আৰিয়ানে পাছপ’র্ট জমা দিব লাগিব । এনডিপিএছ ন্যায়ালয়ৰ নির্দেশ অবিহনে দেশ ত্যাগ কৰিব নোৱাৰিব আৰিয়ান খানে । প্রতি শুকুৰবাৰে দুপৰীয়া ১১বজাৰ পৰা বিয়লি দুই বজাৰ ভিতৰত মুম্বাইৰ এনচিবি কাৰ্যালয়ত আহি হাজিৰি দিব লাগিব শাহৰুখ-পুত্র‌ই । প্রতিটো নির্দেশেই মানিব লাগিব আৰিয়ানে । অমান্য কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে ।

Exit mobile version