২৬ দিনৰ দীঘলীয়া অপেক্ষাৰ অন্তত অৱশেষত ঘৰলৈ উভতি আহিল শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান। ৰাতিপুৱা ১১বজাত আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা মুকলি হৈয়ে বান্দ্ৰাৰ ‘মান্নাত’ত দেহৰক্ষীৰ স’তে উপস্থিত হয় আৰিয়ান।
‘মান্নাত ‘ৰ বাহিৰত সমবেত হৈছে শ্বাহৰুখ খানৰ অনুৰাগীসকলৰ এক বৃহৎ ভিৰ । আৰিয়ানৰ এক আভাস পাবলৈ ব্যাকুল হৈ পৰিছিল অনুৰাগীসকল।
ইফালে, ‘মান্নাত’ৰ বাহিৰত যথেষ্ট ভিৰৰ বাবে অনুৰাগীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে স্থাপন কৰিছে বেৰিকেড।
ৰাতিপুৱাৰে পৰা শ্বাহৰুখ খানৰ ঘৰৰ বাহিৰত “ৱেলকাম হোম, আৰিয়ান” আৰু “ষ্টে ষ্ট্ৰং প্ৰিন্স আৰিয়ান”ৰ পোষ্টাৰৰ স’তে অনুৰাগীৰ ভিৰ কৰিছিল।
শ্বাহৰুখ খানৰ ভৱনৰ সন্মুখত যেন উৎসৱ মুখৰ পৰিৱেশ । হেজাৰ হেজাৰ অনুৰাগীৰ ভিৰ। শনিবাৰে ৰাতিপুৱাৰ পৰা ‘মান্নাত’ৰ সন্মুখত অনুৰাগীসকলৰ মাজত দেখা গ’ল এজন পণ্ডিত।
আৰিয়ানৰ আগমনৰ বাবে পণ্ডিতজনে একান্ত মনে পঢ়ি আছে হনুমান চালিছা । ২৩ বছৰীয়া তাৰকা-সন্তানক শুভকামনা জনাইছে।






























