উত্তৰ গুৱাহাটীত আক্ৰমনাত্মক বান্দৰ

বান্দৰৰ আক্ৰমণত দৈনিক চিকিৎসাধীন ছয় সাতজন

istockphoto 514927042 612x612 1

বনৰ ৰজা বাঘতকৈও অধিক ভয়ানক হৈ পৰিছে এতিয়া বান্দৰ । এফালে হেজাৰ হেজাৰ বান্দৰৰ বাবে খাদ্য সংকটৰ পৰিস্থিতি আনহাতে, আশ্বৰ্যজনকভাবে বান্দৰৰ বংশ বৃদ্ধিয়ে শংকিত কৰি তুলিছে উত্তৰ গুৱাহাটীবাসীক ।

বান্দৰৰ উপদ্ৰপৰ বাবে উত্তৰ গুৱাহাটীৰ অধিকাংশ খেতিয়কে এতিয়া খেতি কৰিবলৈ এৰিছে ।

বান্দৰৰ উপদ্ৰপৰ বাবে মাণব সমাজলৈ নামি অহা ভয়াবহ প্ৰত্যাহ্বান সম্পৰ্কত নিমাত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সংগঠণ । পুৱাই ভোকাতুৰ বান্দৰৰ জাকে ঘৰৰ টিনপাতত আস্ফাৰন কৰি গৃহস্থৰ শান্তি বিঘ্নিত কৰাই নহয় বলপুৰ্বকভাৱে গৃহত প্ৰৱেশ কৰি খাদ্য সামগ্ৰীৰ টোপোলাও লৈ যায় ।

বান্দৰৰ এই কাৰ্যৰ প্ৰতিৰোধৰ বাবে আগবাঢ়িলেই আক্ৰমণ কৰে সাধাৰণ ৰাইজক । আজি পুৱা তিনি কিশোৰী প্ৰাত: ভ্ৰমণৰ বাবে যোৱাৰ অৱস্থাত তাৰে এগৰাকী কিশোৰীক শিলসাকোঁৰ পথত বাট আগচি আক্ৰমণ কৰে বান্দৰে।

লগৰ দুই কিশোৰী ভয়ত বিতত হৈ চাই থাকোতে বান্দৰৰ কামোৰত ক্ষত বিক্ষত হয় । অঞ্চলতোৰ বান্দৰসমূহ ইমানেই হিংশ্ৰু হৈ পৰিছে যে দৈনিক পাঁচ জনৰ পৰা ছজন লোক উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হোৱা ৰেকৰ্ড সম্প্ৰতি পোহৰলৈ আহিছে ।

মধ্যমখণ্ডতো আন এগৰাকী পাত : ভ্ৰমণৰ বাবে যোৱা বান্দৰৰ আক্ৰমণৰ বলি হয় । ইফালে ছাগলী , হাঁহ মুৰ্গীকো আক্ৰমণ কৰি মাৰি পেলায় বান্দৰে ।

অলপতে ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি প্ৰেমী সংগঠণ আৰণ্যকৰ কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত বন্যপ্ৰাণী প্ৰকৃতি সুৰক্ষা বিষয়ক এক বিশেষ আলোচণা চক্ৰত সাংবাদিক সকলে বান্দৰৰ বিষয়টো উথাপন কৰিছিল ।

কামৰূপ দৰঙৰ সংবাদ কৰ্মীয়ে ভাগলোৱা আলোচণাচক্ৰত কামৰূপ প্ৰশিসনৰ মুৰব্বী উপায়ুক্ত কৈলাশ কাৰ্তিক এনো উপস্থিত আছিল । আৰণ্যকৰ সচিব প্ৰধাণ তথা মুখ্য কাৰ্যবাহী ডা° বিভব কুমাৰ তালুকদাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ বনমন্ত্ৰীৰ সৈতে আলোচণাত মিলিত হৈ এক সমাধান সূত্ৰ উলিওৱা হব বুলি কৈছিল।

বান্দৰৰ বংশ বৃদ্ধি নিঢ়ন্ত্ৰণৰ দ্বাৰা ভয়াবহ সমস্যাটো সমাধানৰ বাবে উদ্যোগ লোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল অধ্যক্ষ গৰাকীয়ে । উত্তৰ গুৱাহাটীবাসীৰ দাবী বান্দৰৰ ভয়াহব আগ্ৰাসী পৰ্যায়ৰ প্ৰতিৰোধৰ বাবে শীঘ্ৰে এক ফলপ্ৰসু সমাধান সূত্ৰ উলিয়াব লাগে ।

Exit mobile version