উত্তৰ বংগৰ কোচবিহাৰ জিলাৰ ইচ্ছাগঞ্জত ২৮ অক্টোবৰ দিনটো আইভাষা দিৱস হিচাপে উদযাপন কৰি ভাষা শিক্ষা সংসদে অসমৰ কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনলৈ সাহিত্য সাৰথী বঁটা প্ৰদান কৰে ।
ADVERTISEMENT
উক্ত অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বংগৰ সুলেখক ভগিৰথ দাস, লেখিকা শশিবালা অধিকাৰীৰ লগতে কোচৰাজবংশী কবি ৰঘুনাথ চৌধুৰী, কেএচিৰ সদস্য সমৰেন্দ্ৰ নাৰায়ণ বৰ্মন, কোচৰাজবংশী সাহিত্যসভাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক কৃষ্ণ বৰ্মন, লেখক ৰবিন্দ্ৰ নাথ ৰায়, বংগ ৰত্ন কমলেশ চন্দ্ৰ ৰায়, সাংবাদিক ধনকেশ বৰ্মন আদিয়ে ।
কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে সাহিত্য সাৰথী বঁটা আৰু সম্বৰ্ধনা গ্ৰহণ কৰি পশ্চিমবংগৰ ভাষা শিক্ষা সংসদৰ কৰ্মকৰ্তা সকলক ধন্যবাদ জনায় ।