আইডিবিআই বেংকৰ এক কোটি টকা ঋণ আত্মসাৎ কৰি ঘোষ ব্ৰাদাৰ্ছৰ স্বত্ত্বাধিকাৰ প্ৰতুল কুমাৰ ঘোষ আৰক্ষীৰ জালত । বেংক কৰ্তৃপক্ষৰ অভিযোগ অনুসৰি, কালি নিশা ভঙাগড়ৰ পৰা ঘোষক গ্ৰেপ্তাৰ কৰিলে পৰিদৰ্শক মনিমোহন কোচৰ নেতৃত্বত যোৱা অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ এটা দলে ।
ADVERTISEMENT
বিআইইঅ’ৰ ০৫/২০২১ গোচৰত গ্ৰেপ্তাৰ হোৱা ঘোষক আদালতত হাজিৰ । ভুৱা বিত্ত প্ৰতিষ্ঠান স্থাপন কৰি ৭৫ লাখ টকা আত্মসাৎ কৰা সন্দৰ্ভতো বিআইইঅ’ত গোচৰ ৰুজু হৈ আছে ধৃত ঘোষৰ বিৰুদ্ধে । এই গোচৰতো ঘোষ শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক মনোমোহন বড়োৱে ।