বকোৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমত চাঞ্চল্যকৰ ঘটনা

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু প্ৰেমিকা কিশোৰীয়ে ল'লে চৰম পন্থা, প্ৰেমিকক হোৱাটছএপত চিপজৰি লোৱাৰ পূৰ্বে দেখুৱালে আলোকচিত্ৰ

suicide case

প্ৰেমৰ বাবেই বকোৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমৰ এগৰাকী ছাত্ৰীয়ে আত্মহননৰ পথ বাচি ল’লে । অধ্যয়নৰত অৱস্থাতে কোঠাৰ ভিতৰত চুৰ্নিৰে চিপজৰী লয় । হাহিম এছটি ষ্টিফেন ইংলিছ স্কুলৰ ছাত্ৰী তথা হাহিমৰ চাংগে লামা আৰু দুৰ্গা লামাৰ জীয়ৰিয়ে প্ৰেমিকক ভাবুকি দি কৰিলে আত্মহত্যা । প্ৰেমত সংঘাতৰ বাবে এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি পৰিয়াল তথা আত্মীয়ই অভিযোগ উত্থাপন কৰে।

হোৱাটছএপত প্ৰেমিকা কিশোৰীগৰাকীয়ে প্ৰেমিকক আত্মহত্যাৰ পূৰ্বে সামগ্ৰিক দৃশ্যৰ আলোকচিত্ৰ পঠিয়াই দিছিল। প্ৰেমিকগৰাকীয়ে প্ৰেমিকাৰ চৰমপন্থাৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰিলে। ইয়াৰ বিপৰীতে প্ৰেমিকে বিভিন্ন অশ্লীল ভাষাৰে গালি-গালাজেৰে প্ৰেমিকাক মেছেজ কৰি প্ৰত্যুত্তৰ দিয়ে । দেওবাৰে সংঘটিত হয় এই কৰুণ ঘটনা।

অভিযুক্ত যুৱকক গ্ৰেপ্তাৰৰ দাবী তুলিছে আত্মীয়ই । ঘটনা সন্দৰ্ভত বকো আৰক্ষীৰ তদন্ত অব্যাহত আছে । এই পৰ্যন্ত কিশোৰী প্ৰেমিকাগৰাকীৰ নশ্বৰ দেহ বকো আৰক্ষী থানাত ৰখা হৈছে । দণ্ডাধীশৰ উপস্থিতিত প্ৰেমিকা কিশোৰীগৰাকীৰ নশ্বৰ দেহ আজি মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰা হ’ব । মৃত কিশোৰীগৰাকীৰ পিতৃয়ে জানিব দিয়া মতে, প্ৰেমিকজন হৈছে মীৰ্জাৰ চানডুবিৰ গৌতম ৰাভা ।

Exit mobile version