ভুপেন বৰাই উপনিৰ্বাচনত পাঁচটা সমষ্টি দখল কৰাটো দু:স্বপ্ন

আটাইকেইটা সমষ্টি দখল কৰিব বিজেপি মিত্ৰজোঁটেঃ প্ৰমোদ বড়ো

ff844795 1b44 4717 aa32 93cd7bd033a4

সদ্যসমাপ্ত ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাত্ৰ কেই ঘন্টামান বাকী৷ তেনে সময়তে পাঁচটা সমষ্টিয়ে বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷

বাগসা জিলাৰ শালবাৰীৰ শিমলাৰ ককলাবাৰীত আজি অনুষ্ঠিত ৭৯ সংখ্যক এবছুৰ প্ৰতিস্থাপক সভাপতি বাণেশ্বৰ বসুমতাৰীৰ জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷

এবছুৰ প্ৰতিস্থাপক সভাপতি বাণেশ্বৰ বসুমতাৰীয়ে বড়ো জাতিটোক সঠিক পথ দেখুৱাই আগবঢ়াই নিয়াত এক বলিষ্ঠ ভুমিকা পালন কৰিছিল ৷ তেওঁৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত বড়ো জাতিয়ে সদায় কাম কৰি যাব বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে৷

দুই নৱেম্বৰত ঘোষণা হ’ব লগা উপ নিৰ্বাচনক লৈও মন্তব্য কৰে প্ৰমোদ বড়োৱে৷ পাঁচটা সমষ্টিতে বিজেপি মিত্ৰজোঁট জয়ী হ’ব বুলি কয় প্ৰমোদ বড়োৱে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পাঁচোটা সমষ্টি কংগ্ৰেছৰ দখলত থাকিব বুলি কোৱাটো ভূপেন বৰাৰ এক দুঃস্বপ্ন বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে৷

আকাশত চাং পতা কথা কৈছে ভূপেন বৰাই৷ বিটিআৰত ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পাছত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে৷ আজিৰ দিনত বিটিআৰত কোনো বিপিএফ বা কংগ্ৰেছে স্থান নাপাব৷ সাংসদ নৱ কুমাৰ শৰণীয়া যিখন মঞ্চৰ পৰা আহিছে সেইখন মঞ্চ চেলেনজিং আছিল৷দ্বিতীয় বাৰ এমপি হৈ ৰাইজৰ মাজত যি দৃষ্টিভংগী দেখুৱাইছে সেই ফালৰ পৰা তেওঁৰ ৰাজনৈতিক জীৱন কি হ’ব নাজানো বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে৷

নৱ কুমাৰ শৰণীয়াই নিজৰ ৰাস্তা নিজে ল’ব৷মূল্যবৃদ্ধি নতুন কথা নহয়৷সময়ে সময়ে হৈ থাকে এইবোৰ৷ মূল্যবৃদ্ধিয়ে সমাজ জীৱনত কি ধৰণে প্ৰভাৱ পেলাইছে সেই বিষয়ে চিন্তা কৰা বুলি কয় বড়োৱে৷ইফালে একেটা অনুষ্ঠানতে উপস্থিত থাকি মন্ত্ৰী ইউ জি ব্ৰহ্মই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ হ’লে মধ্যভোগী আৰু দালাল সকলক নাকি লগাব লাগিব আৰু তেতিয়াহে মূল্যবৃদ্ধি ৰোধ হ’ব বুলি মন্তব্য কৰে৷

তেনে ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি মন্তব্য কৰি উপ নিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি মিত্ৰজোঁটে জয়ী হ’ব৷বিটিচিৰ তামুলপুৰ আৰু গোসাইগাঁওৰ লগতে ভৱানীপুৰত বিজেপি প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব বুলি কয়৷ বিটিচিত জিএছ পিৰ লগত মিত্ৰতা থকাৰ পাচতো তামুলপুৰত প্ৰাৰ্থী দি মিত্ৰতাৰ নৈতিক দায়িত্ব পালন কৰা নাই বুলি কয় মন্ত্ৰী ইউ জি ব্ৰহ্মই৷হাগ্ৰামাই সুবিধাবাদী ৰাজনীতি কৰিছে৷

তেওঁ এজন বিচিত্ৰ ৰাজনৈতিক নেতা৷বিজেপিৰ লগত মিত্ৰতা থকা বুলি কৈ গোসাইগাঁওত প্ৰাৰ্থী দিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ৷হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ভৱানীপুৰত কংগ্ৰেছৰ হৈ আৰু তামুলপুৰত নিৰ্দলীয় প্ৰাৰ্থী গনেশ কছাৰীৰ হৈ কাম কৰিছে কৰিছে বুলি মন্তব্য কৰে ব্ৰহ্মই৷

এনে বিচিত্ৰময় ৰাজনৈতিক নেতাৰ ৰাজনীতি বেছিদিন নচলে বুলি কৈ হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দল ভংগ কৰি কাৰো নাম নোকোৱাকৈ আন দলৰ লগত চামিল হ’বলৈ কয় মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ বিপিএফ আৰু নৱকুমাৰ শৰণীয়া ধ্বংস হ’বলৈ গৈ আছে বুলি কয় মন্ত্ৰী গৰাকীয়ে।

লগতে তেওঁ এই অনুষ্ঠানত উপস্থিত থাকি বানেশ্বৰ বসুমতাৰীৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত বিধায়ক পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান ঘোষনা কৰে।সভৰত কেবাগৰাকী দলীয় নেতা আৰু ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে৷

Exit mobile version