উজ্জ্বল চুলিৰ বাবে

HOW Online Hair Oils

চুলি কোছা হ’ল সৌন্দৰ্যৰ অন্যতম উৎস। টপামূৰৰ লোক যিমানেই সুন্দৰ নহওক কিয় সৌন্দর্যত ম্লান হ’বই। চুলিকোছা উজ্জ্বল, কিচকিটীয়া ক’লা কৰি ৰাখিবলৈ কিছুমান খাদ্য গ্ৰহণ কৰিবই লাগিব।

খাদ্যৰ পৰাহে চুলিয়ে পুষ্টি লাভ কৰিব পাৰে। নিয়মীয়াকৈ কিছুমান খাদ্য খালে চুলি সৰা বন্ধ কৰিব পৰা যায়৷ তদুপৰি চুলিকোছায়ো শক্তি লাভ কৰে। চুলিয়ে পুষ্টি লাভ কৰিবলৈ কেনে ধৰণৰ খাদ্য খাব লাগে সেই বিষয়ে উল্লেখ কৰা হ’ল………………

প্ৰ’টিন খাওক

চুলিৰ বিভিন্ন উপাদানৰ ভিতৰত অন্যতম হ’ল প্ৰ’টিন। যিসকলে শৰীৰৰ বাবে প্ৰয়োজনীয় ‘প্ৰ’টিন খাদ্যৰ মাধ্যমেদি যোগান ধৰে তেওঁলোকৰ চুলিখিনি আকর্ষণীয় হৈ থাকে। মাছ, মাংস, কণী, চয়াবিন, মচুৰ দাইল, গাখীৰ, দৈ আদি খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়।

অৱশ্যে চুলিৰ সৌন্দর্য বৃদ্ধিৰ বাবে এনেধৰণৰ খাদ্য খালেও যিসকলৰ ইউৰিক এছিডৰ সমস্যা আছে তেওঁলোকে মাংস, মচুৰ দাইল আদি খাদ্য তালিকাৰ পৰা বাদ দিবই লাগিব। ইয়াৰ পৰিৱৰ্তে প্ৰচুৰ পৰিমাণে শাক-পাচলিৰ উপৰি মাছ, দৈ আদি খাব লাগে।

Exit mobile version