বিশ্বক ক্ষুধামুক্ত কৰিব বিচাৰে ধনাঢ্য এলন মাস্কে : ৰাষ্ট্ৰসংঘৰ পৰা বিচাৰিলে উপায়

ElonMusk 2017 embed

বিশ্বক ক্ষুধামুক্ত কৰিবলৈ আগুৱাই আহিল এই ধৰাৰ বৰ্তমানৰ সবাতোকৈ ধনাঢ্য ব্যক্তিজন। বৈদ্যুতিক গাড়ী নির্মাতা প্রতিষ্ঠান টেছলাৰ মুৰব্বী তথা বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কে ঘোষণা কৰা অনুসৰি, তেওঁ এই বিশ্বৰ পৰা ক্ষুধাক বিদায় দিব বিচাৰে।

যদিহে ৰাষ্ট্ৰসংঘই এই কথা প্ৰমাণ কৰিব পাৰে যে তেওঁ দান দিব বিচৰা ছয় বিলিয়ন ডলাৰৰ জৰিয়তে বিশ্বৰ পৰা ক্ষুধা দূৰ কৰিব পাৰি, তেন্তে এই ধন আগবঢ়াবলৈ তেওঁ সাজু আছে বুলি মাস্কে ঘোষণা কৰে।

এক টুইটত মাস্কে কয়, ‘যদি ডব্লিউ এফ পিয়ে ছয় বিলিয়ন ডলাৰৰ জৰিয়তে বিশ্বৰ পৰা কেনেকৈ ক্ষুধা দূৰ কৰিব পাৰি সেই কথা মোক অৱগত কৰিব পাৰে, তেন্তে মই টেছলাৰ সকলো শ্বেয়াৰ বিক্ৰী কৰিবলৈ প্রস্তুত আছো ।’

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ ডব্লিউ এফ পিৰ মুৰব্বী ডেভিড বেছলিয়ে এক সাক্ষাৎকাৰত অলপতে কৈছিল যে টেছলাৰ মুৰব্বীৰ মুঠ সম্পত্তিৰ মাত্র দুই শতাংশ ধনে বিশ্বৰ পৰা ক্ষুধা সম্পূৰ্ণৰূপে আঁতৰ কৰিব পাৰিব।

ডেভিডে লগতে কৈছিল যে এলন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০০ বিলিয়ন ডলাৰতকৈ অধিক আৰু মাত্ৰ ছয় বিলিয়ন ডলাৰৰে বিশ্বক ক্ষুধামুক্ত কৰা বাস্তৱত সম্ভৱ।

ডেভিডে মাস্কৰ লগতে ধনাঢ্য ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত থকা এমেজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছৰ নাম উল্লেখ কৰি কৈছিল যে বিশ্বৰ এই দুই ধনাঢ্য ব্যক্তিয়ে ইচ্ছা কৰিলে পৃথিৱীৰ প্ৰতিজন মানুহকে দুবেলা দুসাঁজ আহাৰ যোগান ধৰিব পাৰে।

মাস্কৰ দৰেই ধনাঢ্যই মাত্ৰ মুঠ সম্পত্তিৰ দুই শতাংশ দান কৰিলে বিশ্ব ক্ষুধামুক্ত হ’ব বুলি ৰাষ্ট্ৰসংঘৰ ডব্লিউ এফ পিৰ মুৰব্বীজনে দাবী কৰিছিল। ডেভিডৰ এই মন্তব্যৰ পাছতে টুইটাৰৰ জৰিয়তে মাস্কে কয় যে কিদৰে ছয় বিলিয়ন ডলাৰৰে বিশ্বক ক্ষুধামুক্ত কৰিব পাৰি সেই সন্দৰ্ভত সবিশেষ তেওঁক ডব্লিউ এফ পিয়ে অৱগত কৰিলে এই ধনৰাশি দান কৰিবলৈ তেওঁ প্ৰস্তুত আছে।

Exit mobile version