ভৱানীপুৰত ২৫৪৫৩ ভোটৰ ব্যবধানত মিত্ৰজোঁটৰ ফনীধৰ তালুকদাৰৰ বিশাল বিজয়

"এয়া ভৱানীপুৰ বিধানসভা সমষ্টিৰ স্বাভিমানী খিলঞ্জীয়াৰ জয় " :ফনীধৰ তালুকদাৰ

f21487e0 1beb 4750 a51e 7921b81ec1c8

২৫৪৫৩টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি গৌৰৱময় বিজয়ী সাব্যস্ত কৰিলে ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে।

আজি ভট্তদেৱ বিশ্ববিদ্যালয়ত ভোট গণনাৰ অন্তত হোৱা ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপিৰ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে সৰ্বমুঠ ভোট লাভ কৰে ৬৩৮২০ টা, কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে লাভ কৰে ৩৮৩৬৭ টা,এআইইউডিএফৰ প্ৰাৰ্থী জুব্বাৰ আলীয়ে লাভ কৰে ৬৩৮৮ টকা,ভিপিআই দলৰ প্ৰাৰ্থী শিৱেন দাসে লাভ কৰে ৮৪২ টা,চাৰি গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে – খাম্পা খু্ংগুৰ গয়াৰীয়ে ৮২৩ টা,চৌকত আলী আহমেদে ৭০৭টা,মেৰাজুল হকে ) ৫৬০টা,আৰিফুল ইছলামে ৫৬৫টা ভোট লাভ কৰে।

উল্লেখ্য যে বিগত তিনিটাকৈ নিৰ্বাচনত এআইইউডিএফ দলৰ প্ৰাৰ্থীয়ে জয়ী হোৱা ভৱানীপুৰ বিধানসভা সমষ্টিত এইবাৰৰ উপ নিৰ্বাচনত এক বিশাল ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰা বিজেপিৰ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে তেওঁৰ বিজয়ৰ পিছতে উৎফুল্লিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে ,” বিগত তিনিটাকৈ নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত সংখ্যালঘূৰ ভোটেৰে বিজয়ী হৈছিল এআইইউডিএফ দল।

কিন্তু এইবাৰ সংখ্যাগুৰুৰ ভোটেৰে এক গৌৰৱময় জয় হ’ল বিজেপি তথা মিত্ৰজোঁট।এতিয়াৰে পৰা ভৱানীপুৰ বিধানসভা সমষ্টিটো সংখ্যগুৰুৰ সমষ্টিৰূপে চিহ্নিত হ’ব।এই জয় অকল ফনীধৰ তালুকদাৰৰ জয় নহয়।এই জয় মিত্ৰজোঁটৰ জয়, সংখ্যাগুৰুৰ জয়।এই জয় স্বাভিমানী খিলঞ্জীয়াৰ ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টি জয়। “

ফনীধৰ তালুকদাৰে কয় যে ,” দীৰ্ঘদিন ধৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ উন্নয়ন হোৱা নাছিল। এইবাৰ ভৱানীপুৰ বিধানসভা সমষ্টি উন্নয়নমুখী সমষ্টিৰূপে চিহ্নিত হ’ব ।” ইফালে বিজয়ৰ পাছতে ফনীধৰ তালুকদাৰক সম্বৰ্ধনা জনায় বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতাই।

সম্বৰ্দ্ধনা জ্ঞাপন কৰি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে , ” ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ বিজয়ৰ লগে লগে স্বাভিমানী খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হʼল আৰু আজিৰে পৰা স্বাভিমানী খিলঞ্জীয়া সকলে প্ৰতিষ্ঠা লাভ কৰিলে । ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ গৌৰৱময় বিজয়ত অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ আত্মবলিদানেৰে ইতিহাস প্ৰসিদ্ধ কৰি তোলা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মাই আজি শান্তি পাব।”

ভৱেশ কলিতাই লগতে কয় যে – “এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিৰ ৰাইজে বিৰোধীক ধুলিসাৎ কৰিলে । জাতীয়তাবাদৰ শ্লোগান দিয়া লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক পুনৰবাৰ অপ্ৰাসংগিক কৰি তুলিলে । উপ-নিৰ্বাচনৰ আটাইকেইখন আসনত মিত্ৰজোঁটৰ গৌৰৱময় বিজয়ৰ ক্ষেত্ৰত কৃতিত্ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ” । আনহাতে ফণীধৰ তালুকদাৰৰ বিজয়ৰ পাছতেই উৎফুল্লিত হৈ পৰিছে ইউ পি পি এল দলে ।বিটিচিৰ শালবাৰী সমষ্টিৰ টি চি এল চি চিৰ অধ্যক্ষ তথা ইউ পি পি এলৰ নেতা বিনোদ মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ,”মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ এই বিজয় ইতিহাসিক ভৱানীপুৰ বিধান সভা সমষ্টিৰ বাবে গৌৰৱ ।

এতিয়াৰে পৰা অনুন্নত হৈ থকা ভৱানীপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ ধাৰাবাহিকতা আৰাম্ভ হʼব । ভৱানীপুৰ সমষ্টিত বসবাস কৰা সকলো জাতি – জনগোষ্ঠীৰ সমউন্নয়ন হʼব,সকলো জাতি জনগোষ্ঠীয়ে সম‌অধিকাৰ পাব” । ইউপিপিএলৰ তৰফৰ পৰা বিনোদ মুছাহাৰীৰ লগতে বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়োৱে ফনীধৰ তালুকদাৰক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখ্য যে ফণীধৰ তালুকদাৰে বিজয়ী হোৱাৰ পিছতেই ভৱানীপুৰ সমষ্টিত পদাৰ্পণ কৰি বাংলীপাৰা মদন মোহন গোসাঁই থান সত্ৰ, ভৱানীপুৰ সত্ৰ, কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰৰ আতা সত্ৰত সেৱা জনাই ৰাইজ-ভকত-আয়তীৰ আশীৰ্বাদ ল‌য় ।

তদুপৰি অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলী ভৱানীপুৰ চ’কত স্থাপিত শ্বহীদ গৰাকীৰ স্থায়ী প্ৰতিমূৰ্তিত সেৱা জনাই বৃহত্তৰ ভৱানীপুৰ সমষ্টিৰ সৰ্বস্তৰৰ উন্নয়ন কৰিব বুলি অংগীকাৰবদ্ধ হয় । ভৱানীপুৰ বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তত ৰাইজে বিজয়ী ফনীধৰ তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন কৰে।

Exit mobile version