সাৱধান হৈ উপভোগ কৰক দিপাৱলীৰ আনন্দ

Diwali Shopping Survey Blog Header

★যিসকলৰ শ্বাস-প্রশ্বাসৰ সমস্যা আছে তেওঁলোকে ধোঁৱা আদিৰ পৰা আঁতৰি থাকিব লাগিব। আতছবাজি ফটকা আদিৰ পৰা নিৰ্গত ধোঁৱাই শ্বাস-প্রশ্বাসত ব্যাঘাত জন্মায়। বিশেষকৈ বয়স্ক আৰু শিশুসকলে এই ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব।

★ ফটকা ফুটোৱা আৰু আতছবাজী লগোৱাৰ সময়ত ওচৰত এবাল্টি পানী আৰু বালি ৰাখিব লাগে। কোনো কাৰণত অগ্নিকাণ্ড বা দুর্ঘটনা সংঘটিত হ’ব পাৰোঁ

★ যিসকল লোকৰ চকুৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে ধোঁৱা আদিৰ পৰা আঁতৰি থকাটোৱে মংগলজনক। কেতিয়াবা ধোঁৱাৰ লগতে ফটকা, আতছবাজী আদিৰ পৰা নিৰ্গত স্ফুলিংগ আৰু ৰাসায়নিক আদি চকুত পৰিলে লগে লগে আৰম্ভ হয় এলার্জি। এনেহ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

★ চকুত ৰাসায়নিক দ্রব্য আদি পৰিলে মোহাৰি নিদিব। নতুবা প্রচণ্ড জোৰত পানীও মাৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে পৰিষ্কাৰ কপাহী কাপোৰেৰে বিশুদ্ধ পানীৰে চকুযুৰি পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰা উচিত।

★হৃদৰোগত আক্ৰান্ত লোকসকলে শব্দ আদিৰ পৰা আঁতৰি থকাটোৱে মংগলজনক। তদুপৰি উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা সকলো সাৱধান হ’ব লাগে।

Exit mobile version