Discrimination : বৈষম্যৰ ঔষধ আছে সংবিধানত : ন্যায়াধীশ

1600x960 403370 justice dy chandrachud

গেৰুৱাবাদীসকলৰ আইনী ব্যৱস্থাৰ হুমকিত ডাবৰে তেওঁলোকৰ বিজ্ঞাপন প্ৰত্যাহাৰ কৰিলে । সেই ঘটনাক ‘জন-অসহিষ্ণুতা’ আখ্যা দি সমালোচনাত মুখৰ হৈছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় । সোমবাৰে ন্যায়াধীশে মন্তব্য কৰে, “এটা সংস্থাৰ বিজ্ঞাপনত এক সমকামী যুগলক দেখুওৱা হৈছিল । পাছত জন-অসহিষ্ণুতাৰ বাবে সেই বিজ্ঞাপন তেওঁলোকে প্রত্যাহাৰ কৰিবলগীয়া হৈছে । এই দুর্ভাগ্যজনক ঘটনাই প্ৰমাণিত কৰিছে যে সমাজত কর্তৃত্ববাদী মনোভাব কিমান দৃঢ়ভাৱে বিয়পি আছে আৰু মহিলাসকলে কেনেদৰে নিত্য বৈষম্যৰ বলি হ’বলগীয়া হৈছে ।”

মধ্যপ্রদেশৰ বিজেপি চৰকাৰৰ গৃহমন্ত্রী নৰোত্তম মিশ্র‌ই সেই বিজ্ঞাপনৰ বাবে আইনী জাননী প্ৰেৰণ কৰাৰ হুমকি দিছিল ডাবৰক । বিজেপি-সংঘ পৰিয়ালৰ সমর্থকসকলেও ভার্চুৱেল আক্ৰমণ আৰম্ভ কৰে । ইয়াৰ পাছতেই বিজ্ঞাপনটো প্রত্যাহাৰ কৰে সংস্থাটোৱে । একেদৰে, বিজেপি আৰু নৰোত্তম মিশ্রৰ হুমকিৰ ফলত আজি মংগলসূত্রৰ বিজ্ঞাপন প্রত্যাহাৰ কৰাৰ ঘোষণা কৰিছে ফেছন ডিজাইনাৰ সব্যসাচীয়ে । অভিযোগ, সব্যসাচীয়ে এই বিজ্ঞাপনত স্বল্পবাস নাৰী দেখিৱাইছে । মিশ্র‌ই আজি দ্বিতীয় টুইটটো কৰি সব্যসাচীক হুমকি দিছে, তেওঁৰ সতর্কবার্তাত গুৰুত্ব দিছে ভাল কথা; কিন্তু একেই ‘ভুল’ পুনৰ কৰিলে তেওঁ আৰু সতর্ক নকৰে । তাৰ পৰিৱৰ্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

Exit mobile version