আজিৰ পৰা গহিয়াত বলি-বিধান নোহোৱা এখন ব্যতিক্ৰমি কালী পূজা

GettyImages 855435794

শক্তি উপসনাৰ অধিষ্ঠাত্ৰী দেৱী মা কালী ৷ কালী পূজাৰ পাঁচটা ভাগৰ ভিতৰত শ্যামা কালী পূজাৰ দেৱালীৰ স’তে ৰজিতা খুৱাই পালন কৰাৰ পৰম্পৰা চলি আহিছে । কালী পূজা মানেই বলি-বিধানৰ কথা সততে মনলৈ আহে ৷ মূৰ্তি বা বলি অবিহনে কালী পূজা অৰ্থহীন বুলি এচামে ক’ব খোজে যদিও বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত গহিয়াত বিগত ৬২ বছৰ ধৰি বলি-বিধান অবিহনে এক ব্যতিক্ৰমী কালী পূজাৰ অৰ্চনা কৰি অহা হৈছে ৷ এটা ঘটক প্ৰতীকি হিচাপে লৈ স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে শক্তিৰ উপসনা কৰি বিৰল আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে ৷ জীৱ-জন্তু অথবা কোনো পাচলিকে উক্ত পূজাত বলি দিয়াৰ নজিৰ নাই ৷

কাৰ্যত গহিয়াবাসী ৰাইজে মূৰ্তি অথবা বলি-বিধান নোহোৱাকৈ কালী পূজা উদযাপন কৰি সমাজত আদৰ্শৰ চানেকি ডাঙি ধৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য, বৰপেটা জিলাৰ গহিয়াত আন আন বছৰৰ দৰে লেখিয়াকৈ এইবেলিও অহা চাৰি নৱেম্বৰৰ পৰা ছয় নৱেম্বৰলৈ তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শ্ৰীশ্ৰী শ্যমা পূজা উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । গহিয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উদযাপন কৰাৰ কথা আয়োজকসকলে জানিবলৈ দিছে ।

শ্রী শ্রী শ্যামা কালী পূজাভাগ সুচাৰুৰূপে চলাই নিয়াৰ বাবে ইতিমধ্যে হৰেন্দ্ৰ নাথক সভাপতি, সুৰেশ চন্দ্র নাথক উপ সভাপতি, অজয় চৈনাৰীক সম্পাদক আৰু তিলক পাঠকক সহকাৰী সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে । ৬৩ সংখ্যক শ্ৰীশ্ৰী শ্যামা পূজাৰ কাৰ্যসূচী অনুসৰি চাৰি নৱেম্বৰত মুখ্যদ্বাৰ মুকলি কৰিব সৰ্থেবাৰী ৰাজহ চক্রৰ চক্র বিষয়া ত্ৰিদিব কোঁৱৰে । ইয়াৰ পাছতে পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, পূজা মণ্ডপ মুকলি, ভাগৱৎ পাঠ, হোম যজ্ঞ, পুষ্পাঞ্জলি প্ৰদান, সিদ্ধ ভোগ বিতৰণ, দীপাৱলীৰ বন্তি প্ৰজ্বলন, আৰতি প্ৰদান, আতচবাজী, প্ৰদৰ্শন কৰা হ’ব । পূজাৰ আটাইকেইদিনৰ কাৰ্যসুচীত ভাগৱত পাঠ, নাম প্ৰসংগ, বৰঢুলীয়া পাৰ্টীৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শনৰ লগতে নাট প্ৰদৰ্শিত হ’ব ।

তদুপৰি, পূজাৰ লগত সংগতি ৰাখি কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হব। উল্লেখ্য, ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি পূজা চৰকাৰী প্ৰ’ট’কল মানি অনুষ্ঠিত কৰা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে ।

Exit mobile version