তালিবানৰ শাসনত জীয়াই থাকিবলৈ কন্যা সন্তানক বিক্ৰী কৰিছে আফগান নাগৰিকে

burqa 16294713533x2 1

যোৱা আগষ্টৰ পৰা আফগানিস্তানত অস্থিৰতা অব্যাহত আছে। তালিবানৰ ৰাজত্বত ইতিমধ্যে দেশখনৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পৰিছে।

দুবেলা দুমুঠি আহাৰৰ বাবে সাধাৰণ আফগান নাগৰিকে নিৰন্তৰ সংগ্ৰাম কৰিব লগা হৈছে। এনে পৰিস্থিতিত সর্বাধিক বিপন্ন হৈছে আফগান কন্যাসকল।

ইতিমধ্যে পৰিয়ালৰ আন সদস্যৰ জীৱন ৰক্ষা কৰিবলৈ নাবালিকা কন্যাক বিয়া দিবলৈ বা বিক্ৰী কৰি দিবলৈ বাধ্য হৈছে বহু অভাৱগ্ৰস্ত আফগান পিতৃ।

এনে এজন দুৰ্ভগীয়া আৰু উপায়হীন পিতৃ হৈছে আব্দুল মালিক।আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মালিকে প্ৰকাশ কৰা অনুসৰি, পৰিয়ালৰ আন সদস্যৰ বাবে আহাৰ যোগাৰ কৰিবলৈ তেওঁ নিজৰ নবছৰীয়া কন্যাক ৫৫ বছৰীয়া পুৰুষৰ স’তে বিয়া দিবলৈ বাধ্য হ’ল।

কন্যাক এইদৰে ধনৰ বিনিময়ত বৃদ্ধৰ হাতত তুলি দি এতিয়া নাবালিকা সন্তানৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈছে মালিক। মালিকে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ কণমানি কন্যাই পঢ়া-শুনা কৰি শিক্ষয়িত্ৰী হ’বলৈ বিচাৰিছিল যদিও তালিবানৰ শাসনত সেই স্বপ্ন চাৰখাৰ হ’ল।

ইতিমধ্যে তালিবানে কন্যা সন্তানৰ বাবে শিক্ষানুষ্ঠানৰ দুৱাৰ বন্ধ কৰি দিছে। উপাৰ্জনৰ কোনো পথ নথকাত মালিকে পৰিয়ালৰ আন সদস্যৰ জীৱন ৰক্ষা কৰিবলৈ কণমানি কন্যাক বৃদ্ধ পুৰুষৰ স’তে ধনৰ বিনিময়ত নিকাহ কৰাই দিবলৈ বাধ্য হ’ল বুলি সংবাদ মাধ্যমৰ আগত কয়।

মালিকে প্ৰকাশ কৰা অনুসৰি, মুঠ দুই লাখ আফগান মুদ্ৰাৰ বিনিময়ত তেওঁ কন্যা সন্তানক বিক্রী কৰিছিল। কেৱল মালিকৰ কন্যাই নহয়, বহু আফগান দৰিদ্ৰ নাগৰিকে সম্প্ৰতি এইদৰে ধনৰ বিনিময়ত নিজৰ কন্যা সন্তানক বিক্রী কৰিবলৈ বাধ্য হৈছে।

মাগুল নামৰ আন এগৰাকী অসহায় ১০ বছৰীয়া নাবালিকাৰ বিবাহ পৰিয়ালৰ লোকে ৭০ বছৰীয়া বৃদ্ধৰ স’তে স্থিৰ কৰিছিল। কিন্তু মাগুলে এই বিবাহ প্রত্যাখ্যান কৰি পৰিয়ালক হেঁচা দিলে আত্মহত্যাৰ ভাবুকি দি ৰক্ষা লাভ কৰে। তালিবানৰ ৰাজত্বত সম্প্ৰতি এইদৰে আফগান কন্যাই এক অনিশ্চিত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

Exit mobile version