মোদীৰ নিয়ন্ত্ৰণত অচিৰে ভাৰতলৈ আহিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী জনছন

boris modi 1200

গ্লাছগোত অনুষ্ঠিত চি অ’ পি ২৬ জলবায়ু শীর্ষ সন্মিলনত অংশ ল’লে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীৰ লগতে মন্ত্ৰীৰ স’তে সাক্ষাৎ কৰে মোদী।

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনৰ স’তেও মোদীয়ে এই সন্মিলনত সাক্ষাৎ কৰে। জনছনক ভাৰত ভ্ৰমণৰ বাবেও নিমন্ত্রণ দিলে মোদীয়ে।

ভাৰতৰ বৈদেশিক সচিব হর্ষবর্ধন শ্ৰীংলাই এই কথা মঙলবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি জনোৱা অনুসৰি, মোদীৰ আমন্ত্ৰণ স্বীকাৰ কৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে।

যথাসম্ভৱ সোনকালে জনছন ভ্ৰমণাৰ্থে ভাৰতলৈ আহিব। উল্লেখ্য যে ভাৰতৰ বিগত গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে জনছনে অংশ লোৱাৰ কথা আছিল যদিও ক’ভিড পৰিস্থিতিত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ কাৰ্যসূচী বাতিল হৈছিল।

Exit mobile version