Covid-19 Vaccine : অৱশেষত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন পালে ভাৰতীয় ক’ভিড টিকা ক’ভেক্সিনে

shutterstock 1962354730 h1

ভাৰতত তৈয়াৰী প্ৰথম কৰ’না টিকা ক’ভেক্সিনক অনুমতি পত্ৰ দিলে ‘বিশ্ব স্বাস্থ্য সংস্থা’ (হু)য়ে । বুধবাৰে ‘হু’ৰ বিশেষজ্ঞ কমিটিৰ বৈঠকত ক’ভেক্সিনক জৰুৰী ভিত্তিত ব্যৱহাৰৰ অনুমোদন দিয়াৰ সিদ্ধান্ত গৃহীত হয়।

হু-ৰ এই সিদ্ধান্তৰ ফলত ক’ভেক্সিনৰ দুটা টিকা লৈ যিসকলে শিক্ষা বা চাকৰিৰ বাবে আমেৰিকা-ইউৰোপত যোৱাৰ আবেদন জনাইছে তেওঁলোকে অনুমতি পোৱা সহজ হ’ব ।

শেহতীয়াকৈ, অষ্ট্ৰেলিয়া চৰকাৰে অনুমোদন জনাইছে ভাৰতত তৈয়াৰী প্ৰথম ক’ভিড টিকাক।

ইয়াৰ আগতে যোৱা সপ্তাহৰ মঙলবাৰে, বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ সমিতিয়ে ভেকছিন ব্যৱহাৰৰ বিপদাশংকা আৰু সফলতাৰ বিষয়ে বিভিন্ন তথ্য আৰু নথিপত্ৰ পৰীক্ষা কৰিছিল। কিন্তু আৰু কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ পৰীক্ষা নকৰালৈকে ক’ভেক্সিনক অনুমতি পত্ৰ নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছিল।

সূত্ৰসমূহে কয় যে বিশেষজ্ঞসকলে ক’ভেক্সিন সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিশ্লেষণ কৰাৰ পাছত জৰুৰী ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিবলৈ নীতিগতভাৱে সন্মত হৈছে ।

ইয়াৰ পাছতে ভেকছিন নিৰ্মাণ কোম্পানী ভাৰত বায়োটেক লিমিটেডে ক’ভেক্সিন হিউমেন বডী টেষ্টৰ তৃতীয় পৰ্যায়ৰ বিৱৰণ তথ্য প্ৰেৰণ কৰিছিল ‘হু’ক ।

Exit mobile version