মানাহৰ বাঁহবাৰী আঞ্চলিক বন কাৰ্যালয়ত দুদিনীয়া কালী পূজা

aacd4bae f714 4405 94df 973fa8230b5d 1

আজি পোহৰৰ উৎসৱ দীপাৱলী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো দীপাৱলীৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হয়৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী বনাঞ্চলিক কাৰ্যালয়ত দীপৱালীৰ লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হ’ল শ্ৰী শ্ৰী শ্যামা পূজা৷

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শ্যামা পূজাৰ আজি পুৱা আৰম্ভ কৰা হয়৷কাৰ্যসূচী অনুসৰি মানাহত গঁড়ৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া বন সুৰক্ষা বাহিনীৰ কৰ্মচাৰী অনিমেশ ডেকাৰ সোঁৱৰণত স্থায়ী ছহিদ বেদীত ফলক স্থাপন কৰি ছহিদ তৰ্পণ কৰা হয়৷

ছহিদ তৰ্পণ কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষক হিৰণ্য কুমাৰ শৰ্মা আৰু বাঁহবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্মই৷ লগতে মানাহৰ বাঁ‌হবাৰী বনাঞ্চলিক কাৰ্যালয়ত প্ৰয়াত শ্ৰীকান্ত শৰ্মা দেৱৰ স্মৃতিত এটি জিৰণি গৃহ উন্মোচন কৰে মুখ্য বন সংৰক্ষক তথা বিভাগীয় পৰিষদীয় প্ৰধান,বড়োলেণ্ড জিলা পৰিষদ বন বিভাগৰ শ্ৰীযুত অনুৰাগ সিঙে৷

ৰাতিপুৱাৰ পৰাই পূজা অৰ্চনা আৰম্ভ হোৱা কাৰ্যসূচীমৰ্মে আজি সন্ধিয়া বন্তি প্ৰজ্বলন,আতচবাজী প্ৰদৰ্শন,সম্বৰ্দ্ধনা অনুষ্ঠান,বৰসাদেৰি শ্ৰীশ্ৰী বাসুদেৱ ছোৱালী নাগাৰা নাম দলৰ নাম পৰিবেশন,বাঘমাৰা মহাৰাণী ওজাদলৰ ওজাপালি পৰিবেশন,নিশা এক বজাত পুষ্পাঞ্জলি,পাঁচ নৱেম্বৰৰ ৰাতিপুৱা খেলধেমালি প্ৰতিযোগিতা,আবেলি আয়তী সকলৰ সমুহীয়া নাম প্ৰসংগ,গধুলি বজাৰ শ্ৰীকৃষ্ণ মিলিজুলি দলৰ নাম প্ৰসংগৰে দুদিনীয়া কালী পূজাৰ সামৰণি পৰিব৷

Exit mobile version