Carrot Benefits:প্ৰতি দিনে গাজৰ খায় ? কি হ’ব ইয়াৰ ফলত

1636022812 03 bunch carrots 1

শীতকালীন পাচলি হিচাপে সকলোৰে প্রিয় তালিকাত থকা নামটো হৈছে গাজৰ। গাজৰত ভিটামিন, পটাছিয়াম, আয়ৰনৰ দৰে অত্যাৱশ্যকীয় পুষ্টি সমৃব্ধ। গাজৰে পুষ্টি প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

★ বৰ্ধিত বয়সৰ বাবে চকুৰ সমস্যা দেখা যায়। গাজৰত বিটা কেৰোটিন থাকে। বিটা কেৰোটিনে চকুৰ সমস্যাৰ পৰা সকাহ দিয়ে।

★হৃদযন্ত্ৰৰ সমস্যা থকা সকলৰ বাবে গাজৰ অতি উপকাৰী পাচলি। ই তেজত কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰি হৃদৰোগৰ আশংকা হ্ৰাস কৰে।

★গাজৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ আছে। গাজৰ হজম বৃদ্ধি কৰাতো উপযোগী। ফলস্বৰূপে গাজৰও ওজন হ্ৰাস কৰিবলৈ সক্ষম।

★ প্ৰতিদিনে খাদ্যৰ তালিকাত কেলচিয়াম আৰু খনিজ সমৃদ্ধ গাজৰ ৰাখিলে হাড়ৰ সমস্যা উপশম কৰাত সহায় কৰিব পাৰে।

★ গাজৰৰ ৰসে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে। ডায়েবেটিচত ভুগি থকা লোকে দৈনিক আহাৰত গাজৰ ৰাখিব পাৰে।

Exit mobile version