Kangana Ranaut : ফটকা নিষিদ্ধকৰণত অসন্তুষ্ট অভিনেত্ৰী কংগনা

905675 531655 sadsff updates

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছত এইবাৰৰ দীপাৱলীত ফটকা আৰু আতচবাজীৰ পৰা বিৰত থাকিবলৈ বলিউডৰ বহু অভিনেতা-অভিনেত্রীয়ে অনুৰাগীসকলক আহ্বান জনাইছে।

কিন্তু এই ক্ষেত্ৰত বিপৰীতমুখী স্থিতি গ্রহণ কৰিলে বলিউডৰ সদা বিতর্কিত অভিনেত্রী কংগনা ৰণৌটে। দীপাৱলীৰ ফটকা ফুটোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা লোকসকলক কটাক্ষ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে।

সামাজিক মাধ্যমৰ জৰিয়তে ফটকা নিষিদ্ধকৰণৰ বিৰুদ্ধে থিয় দি কংগনাই কয় যে ফটকা নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰা লোকসকলে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দীপাৱলীত তিনিদিনৰ বাবে নিজৰ গাড়ী ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা উচিত।

‘দীপাৱলীত সকলো পৰিৱেশ কৰ্মীক পৰামৰ্শ দি কওঁ যে যেতিয়া আপুনি কার্যালয়লৈ যাব, তেতিয়া তিনিদিনলৈকে আপোনাৰ গাড়ীখন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।’ ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে এইদৰে পৰামৰ্শ দিয়ে।

উল্লেখ্য যে প্রবীণ অভিনেতা অনিল কপুৰৰ কন্যা ৰিয়া কপুৰে সামাজিক মাধ্যমৰ জৰিয়তে এইবাৰৰ দীপাৱলীত দেশবাসীক ফটকা ফুটোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল আৰু অনিল কন্যাৰ এই আহ্বানৰ প্ৰত্যুত্তৰ দি কংগনাই পৰামৰ্শ আগবঢ়ায়।

Exit mobile version