Petrol-Diesel Price : জানি ল‌ওক কোন ৰাজ্যত কিমান হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

jpg

বহু আগতেই পেট্র’লৰ মূল্য‌ই এশৰ ঘৰ অতিক্ৰম কৰিছে । সম্প্রতি ডিজেলতো মূল্য‌ই ছেঞ্চুৰি চুইছে । পূৰ্বেও ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে বিৰোধী দলবোৰে মোদী চৰকাৰৰ বিৰুদ্ধে বাৰে বাৰে সৰৱ হৈছে, এই বিষয়ত কেন্দ্রৰ ভূমিকাক বিদ্ধ কৰিছে তেওঁলোকে । আন্তর্জাতিক বজাৰত তেলৰ মূল্যবৃদ্ধিয়ে পেট্র’ল, ডিজেলৰ মূল্যৰ ওপৰত প্রভাৱ পেলাইছে ।

ADVERTISEMENT

বহু ৰাজ্যত সমাগত নির্বাচন । ইন্ধনৰ মূল্যক লৈ ক্ষোভিত জনসাধাৰণ । ইয়াৰ প্রভাৱ যাতে নিৰ্বাচনত নপৰে, সেয়ে আগেভাগেই ইন্ধনৰ শুল্ক কমালে কেন্দ্র‌ই । জনসাধাৰণক স্বস্তি দিবলৈ বুধবাৰে পেট্র’ল আৰু ডিজেলৰ ওপৰৰ পৰা উৎপাদন শুল্ক প্ৰতি লিটাৰত পাঁচ টকা আৰু ১০ টকা কমাইছে কেন্দ্র চৰকাৰে ।

বৃহস্পতিবাৰে অসমত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সাত টকাকৈ হ্ৰাস পালে । ত্ৰিপুৰাত পেট্ৰ’লৰ মূল্য হ্ৰাস পালে ৬.৩৩ টকা, ৰাজস্থানত ৬.৩৬ টকা গুজৰাটত ১১.৫১ টকা, মধ্যপ্ৰদেশত পেট্ৰ’লৰ মূল্য ৬.২৭ টকা আৰু ডিজেলৰ মূল্য ১২.৫০ টকা, দিল্লীত প্ৰেট্ৰ’লৰ মূল্য ৬.০৭ টকা ডিজেলৰ মূল্য ১১.৭৫ টকা, পঞ্জাৱত পেট্ৰ’লৰ মূল্য ৫.৮৮ টকা আৰু ডিজেলৰ মূল্য ১১.৭৫, কলকাতাত পেট্ৰ’লৰ মূল্য ৫.৮২ টকা ডিজেলৰ মূল্য ১১.৭৭ টকা হ্ৰাস পাইছে ।

Exit mobile version