Narendra Modi : আজি কেদাৰনাথ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

modi 4

উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ থাকিব কাশীৰ বিশ্বনাথ মন্দিৰত । মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান উজ্জয়িনীৰ মহাকাল মন্দিৰত থাকিব । প্রধানমন্ত্রীৰ দপ্তৰৰ প্রতিমন্ত্রী জিতেন্দ্র সিং শ্রীনগৰৰ শংকৰাচার্য মন্দিৰত উপস্থিত হ’ব । গুজৰাতৰ বিজেপি সভাপতি চি আৰ পেটেল থাকিব সোমনাথ মন্দিৰত । ঝাড়খণ্ডৰ বিজেপি সাংসদ নিশিকান্ত দুবে থাকিব দেওঘৰৰ জ্যোতির্লিংগ মন্দিৰত ।

আজি পুৱা প্রধানমন্ত্রী নৰেন্দ্র মোদী কেদাৰনাথত উপস্থিত হয় । তেওঁ প্রাকৃতিক দুর্যোগত ক্ষতিগ্রস্ত হোৱাৰ পাছত পুনর্নির্মিত আদি শংকৰাচার্যৰ সমাধিৰ উদ্বোধন কৰে । আদি শংকৰাচার্যৰ মূর্তিও উন্মোচন কৰে আৰু প্রায় ১৩০ কোটি টকাৰ প্রকল্পৰো উদ্বোধন কৰে ।

শুকুৰবাৰে প্রধানমন্ত্রীৰ এই কাৰ্যসূচীৰ সময়তেই কাশ্মীৰৰ পৰা কেৰালা পর্যন্ত শংকৰাচার্যৰ স’তে জড়িত বিভিন্ন ধর্মীয় স্থানত যায় বিজেপিৰ নেতাসকল । বিৰোধীসকলৰ মতে, উত্তৰ প্রদেশ, উত্তৰাখণ্ডৰ দৰে ৰাজ্যত ২০২২-ৰ আৰম্ভণিতে বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই আয়োজন । বিশেষকৈ উত্তৰাখণ্ডত বিজেপিৰ জনপ্ৰিয়তা কমিছে । দুবাৰ মুখ্যমন্ত্রী পৰিৱৰ্তন কৰিবলগীয়া হৈছে বিজেপিয়ে ।

প্রধানমন্ত্রীৰ ভ্ৰমণৰ আগতেই কেদাৰনাথ, বদ্রীনাথ, গংগোত্রী, যমুনোত্রীৰ পুৰোহিতসকল ক্ষুব্ধ । ৰাজ্য চৰকাৰে মন্দিৰৰ বাবে দেবস্থান ব’র্ড তৈয়াৰ কৰাৰ বাবে তেওঁলোক বিক্ষোভত নামিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিকে কেদাৰনাথ যাবলগীয়া হৈছিল । তেওঁৰ চৰকাৰে আশ্বাস দিয়ে, চলতি মাহৰ ভিতৰতে পুৰোহিতসকলৰ অভাৱ-অভিযোগ পূৰণ কৰা হ’ব ।

বিজেপিৰ কাৰ্যসূচী অনুযায়ী, প্রধানমন্ত্রীৰ কেদাৰনাথ ভ্ৰমণৰ সময়ত আদি শংকৰাচার্যৰ স’তে সম্পর্কিত চাৰি ধাম পুৰী, শ্রীংগেৰি, দ্বাৰকা আৰু জ্যোতির্মঠত সাধুসকলক আমন্ত্রণ জনোৱা হৈছে । সোমনাথ, কাশী বিশ্বনাথসহ ১২টা জ্যোতির্লিংগ মন্দিৰ আৰু দেশৰ ৮৭টা গুৰুত্বপূর্ণ মন্দিৰ, যিসমূহ শংকৰাচার্যৰ ভাৰত ভ্ৰমণৰ পথত তৈয়াৰ হৈছিল, তাতো সাধু-ভক্তসকলক আমন্ত্রণ জনোৱা হৈছে । কেদাথনাথ মন্দিৰত বিভিন্ন আখাড়াৰ প্রধান বা মহামণ্ডলেশ্বৰসকলকো আমন্ত্রণ জনাইছে ৰাজ্য চৰকাৰে ।

প্রধানমন্ত্রীৰ দপ্তৰৰ মন্তব্য, ২০১৩-ৰ বানৰ পাছত কেদাৰনাথত শংকৰাচার্যৰ সমাধি পুনর্নির্মিত হৈছে । মোদীৰ নিয়মিত পৰ্যবেক্ষণত সম্পূৰ্ণ কাৰ্য সম্পন্ন হৈছে । প্রধানমন্ত্রীগৰাকীয়ে অন্যান্য নির্মাণ প্রকল্পৰ কাৰ্য‌ৰ অগ্রগতিও পৰ্যবেক্ষণ কৰিব । প্রধানমন্ত্রী হিচাপে পঞ্চমবাৰ কেদাৰনাথত যায় প্ৰধানমন্ত্ৰী মোদী ।

Exit mobile version