আৰম্ভ হ’ল ইউ‌.এন ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা

বড়ো জাতিৰ পিতাগৰাকীৰ সপোন বাস্তৱত ৰূপায়ন কৰিম : দ্বিপেন বড়ো

32434388 7e84 45a7 838a 4b1d02ad15e1

ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ২৭ সংখ্যক সৰ্বভাৰতীয় উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুলবল প্ৰতিযোগিতাখনি আজিৰে পৰা ১৭ নৱেম্বৰলৈ ওদালগুৰি নলবাৰী খেলপথাৰত অনুষ্ঠিত হৈছে।

১২ টাকৈ ফুটবল দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনিৰ আৰম্ভণি অনুষ্ঠানত পতাকা উত্তোলন কৰি অভ্যৰ্থনা সমিতিৰ সভাপতি ৰিহন দৈমাৰীয়ে বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ হকে চৰকাৰখনক আগন্তুক দিনত কাম কৰি যোৱাৰ আহ্বান জনায়।

তেওঁ কয় যে, “বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে এই ফুটবল প্ৰতিযোগিতাখনে ২৭ বৰ্ষত ভৰি দিলে। পূৰ্ৱৰ তুলনাত প্ৰতিযোগিতাখনিত হোৱা ব্যয়ৰ পৰিমান বৃদ্ধি হৈছে। যাৰ বাবে বিটিআৰ চৰকাৰখনে খেলখন পৰিচালনা কৰাৰ বাবে পৰ্যাপ্ত ধন মুকলি কৰি আগন্তুক দিনত যাতে প্ৰতিযোগিতাখন অধিক সুন্দৰ হয় তাৰ ব্যৱস্থা কৰিব লাগে।”

আৰম্ভণি অনুষ্ঠানত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি তথা বন্তি প্ৰজ্বলন কৰি এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে কয়, “বড়ো জাতিৰ পিতৃস্বৰূপ উপেন্দ্ৰনাথ ব্ৰহ্মই জাতিটোৰ যেনেধৰণৰ উন্নয়ণৰ সপোন দেখি নিজকে উৎসৰ্গা কৰিলে, সেই সপোন আমি বাস্তৱত ৰূপায়ন কৰিব লাগিব। বিটিআৰ চুক্তিৰ দ্বাৰা এই অঞ্চলটোত ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে বহুতো আচনি লোৱা হৈছে। এই আচনি, প্ৰকল্পসমূহ ৰূপায়ন হ’লে অঞ্চলটো ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই যাব।”

আজি প্ৰতিযোগিতাখন মুকলি কৰি বিটিআৰৰ উপমূখ্য কাৰ্যবাহী সদস্য তথা স্থানীয় বিধায়ক গোবিন্দ বসুমতাৰীয়ে কয় ,”এনে প্ৰতিযোগিতাসমূহে নতুন প্ৰজন্মক উৎসাহিত কৰিব। বিগত দিনবোৰত এই প্ৰতিযোগিতাখনিৰ পৰা বহু খেলুৱৈয়ে বিভিন্ন ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সুযোগ পাইছে। আগন্তুক নতুন প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিবলৈ আমাৰ চৰকাৰখনে কাম কৰি যাম।”

ইফালে আজি প্ৰতিযোগিতাখনিৰ উদ্বোধনী খেলত অৰ্গেং এফচি ডিমাকুচি দলে নিউ মডেল এছচি ওদালগুৰিৰ মুখামুখি হয়‌। খেলৰ প্ৰথম অৰ্ধতে নিউ মডেল এছচিয়ে তিনিটাকৈ গ’ল দি এক শক্তিশালী স্থিতিত উপনীত হয়।

দ্বিতীয় অৰ্দ্ধত নিউ মডেল এছচিয়ে পুনৰ দুটাকৈ গ’ল দিয়াৰ বিপৰীতে অৰ্গেং এফচি ডিমাকুচিয়ে মাত্ৰ দুটাকৈ গ’ল দিবলৈ সক্ষম হয়। খেলখনৰ সম্পূৰ্ণ সময়ৰ অন্তত নিউ মডেল এছচিয়ে ৫-২ গলৰ ব্যৱধানত অৰ্গেং এফচি ডিমাকুচিৰ বিৰুদ্ধে জয়লাভ কৰে। নিউ মডেল এছচিৰ হৈ শুকুৰ সিঙে তিনিটাকৈ গল দিয়ে।

Exit mobile version