উহানত কৰ’নাৰ সংক্ৰমণৰ প্ৰথম বাতৰি পৰিবেশনকাৰী মহিলা সাংবাদিকৰ স্বাস্থ্যৰ অৱনতি

jpg 1

চীনৰ উহান চহৰত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাতৰি লাভৰ পাছতে উক্ত খবৰ সংবাদ মাধ্যমত প্ৰথম প্ৰচাৰ কৰিছিল ঝাং ঝানে।

কৰ’নাৰ সন্দৰ্ভত চীন চৰকাৰৰ আওকণীয়া মনোভাবৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে ঝানে দাঙি ধৰিছিল।

এইদৰে কৰ’নাৰ বাতৰি পৰিৱেশন কৰাৰ ৰোষত ২০২০ৰ মে’ত ৩৮ বছৰীয়া ঝানক ছাংহাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

সেই সময়ৰ পৰা কাৰাগাৰত বন্দী হৈ থকা ঝানে প্রতিবাদ সাব্যস্ত কৰিবলৈ আমৰণ অনশন আৰম্ভ কৰিছিল।

প্রকাশিত বাতৰি অনুসৰি, সম্প্রতি ঝানৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট অৱনতি ঘটিছে।

শৰীৰৰ ওজন হ্ৰাসৰ লগতে একাধিক স্বাস্থ্যজনিত সমস্যাত আক্রান্ত হৈছে এইগৰাকী সাহসী মহিলা সাংবাদিক।

ঝানৰ পৰিয়ালৰ লোকে টুইটাৰত অভিযোগ কৰা অনুসৰি সম্প্ৰতি সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক আৰু যিকোনো মুহূর্ততে তেওঁৰ মৃত্যু হ’ব পাৰে।

Exit mobile version