কলগাছিয়াৰ খৰিচালাত সংঘটিত হয় এক ডকাইত কাণ্ড । তথ্য অনুসৰি, আজিজুৰ ৰহমান নামৰ যুৱকজনে বাইক ৰখাই ফোনত কথা পাতি আছিল। তেনে সময়ত দুজন অচিনাকি যুৱকে আজিজুৰ ৰহমানৰ মুখত পাথৰ দলিয়াই যুৱকজনক পেলাই দি তেওঁৰ বাইক খন লৈ পলায়নৰ চেষ্টা কৰে।
ADVERTISEMENT
আজিজুৰে চিঞৰ-বাখৰ কৰাত ৰাইজ ওলাই অহাত ঘটনাস্থলীৰ পৰা ডকাইত দুজনে বাইকত উঠি পলাবলৈ চেষ্টা কৰোঁতে ৰাস্তাৰ দাঁতিত থকা বাহনীত প্ৰচণ্ড খুন্দা মাৰী এক ভয়ানক দুৰ্ঘটনাত পতিত হয়।
ঘটনাস্থলিত আৰক্ষীৰ লোক উপস্থিত হৈ আহত আজিজুৰ ৰহমানৰ লগতে বাহনীত দুৰ্ঘটনাত পতিত দুৰ্বৃত্ত দুজনক উদ্ধাৰ কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে।
তথ্য অনুসৰি ইয়াৰে দুজনৰ অৱস্থা সংকটজনক।আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ ৰাখিছে।