গোসাইগাঁও মহকুমা ৰিলিফ কো-অৰ্ডিনেচন কমিটিৰ সংবাদ মেল

e59960db d8e3 4893 a2d6 e7fb20dec49a

১৯৯৬-৯৮ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োলৈ সংবাদ মেল যোগে আহ্বান জনাইছে গোসাইগাঁও মহকুমা ৰিলিফ কো-অৰ্ডিনেচন কমিটিয়ে৷

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমা ৰিলিফ কো-অৰ্ডিনেচন কমিটিৰ সভাপতি কপিল বসুমতাৰী আৰু সম্পাদক ফ্ৰান্সিচ মুছাহাৰীয়ে এখন সংবাদ মেল সম্বোধন কৰি ১৯৯৬-৯৮ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক পুনঃসংস্থাপন তথা ক্ষতিপূৰণ দিয়াৰ বাবে ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উপনিৰ্বাচনৰ পূৰ্বে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি মূখ্যমন্ত্ৰীগৰাকীয়ে দিছিল পালন কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সংবাদ মেলত উপস্থিত থাকে গোসাইগাঁও মহকুমা কো-অৰ্ডিনেচন কমিটিৰ অন্যান্য বিষয় ববীয়াসকল।

Exit mobile version